নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাঅসমীয়া ঠিকাদাৰৰ মইমতালিঃ এবছৰে কাম নকৰাকৈ পেলাই ৰাখিছে দহ কোটিটকীয়া পথ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী যি শূণ্য সহনশীলতা নীতি সেই নীতিক অংগূষ্ঠ প্রদর্শন কৰি লখিমপুৰ লোক নিৰ্মাণ বিভাগত চলাই গৈছে দুৰ্নীতিৰ মহাখেল। বিভাগটোত বিষয়া অভিযন্তাই ঠিকাদাৰৰ লগত মিলি পথ নিৰ্মাণত আবন্তিত কোটি কোটি টকা লুণ্ঠন চলাই যোৱাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত নিৰ্মীয়মান গড়কাপ্তানি পথসমূহ এতিয়া মৰণ ফান্দত পৰিণত হৈছে। যোৱা কেইবাটাও দিনত নাওবৈচা সমষ্টিৰ নিৰ্মাণ কৰি থকা গড়কাপ্তানি পথসমুহত সংঘটিত হৈ থকাৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সমষ্টিটোত এটা নিৰ্মীয়মান দহ কোটি টকীয়া পথে ৰাইজক জ্বলা কলা খোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

লোক নিৰ্মাণ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ উঠি ৰজা বহি ৰজাস্বৰূপ অনা অসমীয়া ঠিকাদাৰ ৰাজীৱ চাহুৰ চূড়ান্ত মইমতালিত এতিয়া ৰাইজে যাতায়তৰ নামত চৰম দুৰ্ভোগ সন্মুখীন হৈছে। লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ ঠিকাদাৰৰূপে লোক নিৰ্মান বিভাগটোত দপদপাই থকা ৰাজীৱ চাহুৱে এবছৰৰ পূৰ্বে ছিগনেচাৰ আঁচনিৰ অধীনত নাওবৈচা সমষ্টিৰ বৃহত্তৰ ফুলবাৰী ,দ’লহাট বজাৰ এলেকাৰ বাৰমাইল সংযোগী গড়কাপ্তানি পথৰ নিৰ্মান দায়িত্ব লৈ আজি পৰ্যন্ত ২০শতাংশ কাম সম্পূৰ্ন নকৰাকৈ পেলাই ৰাখিছে। ২০২০-২১ বিত্তীয় বৰ্ষত প্ৰায় দহ কোটি টকাৰ আবন্টন মৰ্মে নিৰ্মাণ কৰিবলৈ লোৱা গড়কাপ্তানি পথটো বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা ইস্থাপন কৰিছিল। এবছৰৰ ভিতৰত নিৰ্মান সম্পূৰ্ণ কৰিবলগীয়া গড়কাপ্তানি পথটো দুয়োদাঁতিৰ সামান্য বহল কৰিয়েই হাত সাৱটি বহি থকা অনা অসমীয়া ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সাহস দেখুৱাব পৰা নাই লোক নিৰ্মান বিভাগৰ বৰমুৰীয়াসকলে। মন কৰিবলগীয়া সাধাৰণ ঠিকাদাৰ ওপৰত বৰমতা দেখুওৱা বিভাগটোৰ বিষয়া অভিযন্তাই এইজন ঠিকাদাৰৰ বিৰুদ্ধে টু শব্দ এটাও প্ৰয়োগ কৰিব নোৱাৰা বিষয়টোৱে ৰাইজৰ মাজত বাৰুকৈয়ে চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে কালিৰে পৰা হোৱা সাধাৰণ এজাক বৰষুণতে পানী জমা হৈ দ’লহাট সোণাপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত একাঠু পৰ্যন্ত বোকা পানীৰে ভৰি পৰাত পথচাৰীয়ে জোতা চেন্ডেল হাতত লওঁ যাতায়ত কৰিবলগীয়া হৈছে। এই পথটো উন্নয়নৰ ক্ষেত্ৰত জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কালি উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই ক্ষেত্ৰত যদিহে জিলা উপায়ুক্ত গৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।

You might also like