নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি-পোছাকক লৈ উপহাস কৰে কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ দেশৰ পাঁচখন ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ গৰম বতাহ। পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ডত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে আৰু মণিপুৰত এতিয়াও নিৰ্বাচন অনুষ্ঠিত হ’বলৈ বাকী। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ইম্ফলত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত চৰকাৰৰ সাফল্যসমূহ মণিপুৰৰ জনসাধাৰণৰ ওচৰত তালিকাভুক্ত কৰে। মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মণিপুৰত ৬০,০০০ তকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকৰ বেছিভাগেই মহিলাৰ মালিকানাধীন।

মোদীয়ে নিজৰ ভাষণত কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে কংগ্ৰেছ দলে কেতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অনুভূতি, ইয়াত থকা জনসাধাৰণৰ দুখ-কষ্ট বুজি পোৱা নাছিল। কিন্তু এতিয়া এন ডি এ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অষ্ট লক্ষ্মী হিচাপে মানি ইয়াক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে বিবেচনা কৰি কাম কৰি আহিছে। আপোনালোক সকলোকে সেৱা আগবঢ়োৱা, আপোনালোক সকলোৰে বিকাশেই আমাৰ প্ৰাথমিকতা বুলিও মোদীয়ে ভাষণত কয়।

মোদীয়ে লগতে কয় যে কংগ্ৰেছে কেতিয়াও আপোনালোকৰ সামৰ্থত বিশ্বাস কৰা নাই, আপোনালোকক ভাল নাপায়। আজিও, কংগ্ৰেছ নেতাসকলে ইয়ালৈ আহি ডাঙৰ ডাঙৰ কথা কয়। কিন্তু আন ৰাজ্যলৈ যোৱাৰ লগে লগে তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, উত্তৰ-পূৰ্বাঞ্চলৰ পোছাকক লৈ উপহাস কৰে। কিন্তু বিজেপি চৰকাৰে মণিপুৰত অসম্ভৱক সম্ভৱ কৰি তুলিছে। এতিয়া বন্ধ আৰু অৱৰোধৰৰ পৰা মণিপুৰৰ প্ৰতিটো অঞ্চলেই সকাহ পাইছে।

You might also like