নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধীৰ বুকুত কপনি তুলি লখিমপুৰত ভৰি দিলে আনন্দ মিশ্ৰই

নিয়মীয়া বাৰ্তা, ২২ মে’: লখিমপুৰৰ অপৰাধ জগতৰ বাবে দুখবৰ। অপৰাধীৰ বুকুত কপনি তুলি আজি  সন্ধিয়া লখিমপুৰত ভৰি দিলে জিলা খনৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নকল সোণ, জাল নোটৰ অভিকেন্দ্ৰ স্বৰূপ লখিমপুৰত দীর্ঘদিন ধৰি এখন কলা সাম্ৰাজ্য চলি আছিল। শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যু ঘটনাই এই কলা সাম্ৰাজ্য খনৰ কথা বিস্তাৰিত কৰে। এই কলা সাম্ৰাজ্যত অভিযান চলাবলৈ গৈ জোনমণি ৰাভাই অকাল মৃত্যু ক সাবতি লব লগীয়া হোৱাৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছিল  আৰক্ষী বিভাগৰ বাবে। যাৰ বাবে আৰক্ষী বিভাগে কঠোৰ স্হিতি গ্ৰহণ কৰিবলৈ বাধ্য হয়। লখিমপুৰ ত চলি থকা এই কলা সাম্ৰাজ্য খন উৎখাত কৰিবলৈ আৰক্ষী বিভাগে দায়িত্ব অৰ্পণ কৰে দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাৰ ঠাইত স্থলাভিষিক্ত কৰা হয় আনন্দ মিশ্ৰক। আজি সন্ধিয়া ৮ বজাত লখিমপুৰ ৰ নতুন আৰক্ষী অধীক্ষক ৰূপে উপস্থিত হয় আনন্দ মিশ্ৰ। আৰক্ষী অধীক্ষক ৰ কাৰ্য্যালয়ত নামিয়েই অপৰাধ জগত, অপৰাধীৰ প্ৰতি সতৰ্ক বাণী শুনায় আনন্দ মিশ্ৰই।সাংবাদিক ৰ আগত তেও আইনগত ব্যবস্থা ৰ মাজেৰে জিলা খনত চলি থকা বে আইনী কাম কাজ বন্ধ কৰাৰ লগতে অপশক্তিক আইনৰ গণ্ডীলৈ অনা হব বুলি স্পষ্ট ৰূপে ঘোষণা কৰে  ।
উল্লেখ্য আনন্দ মিশ্ৰৰ লখিমপুৰ আগমনৰ বতৰা বিয়পি পৰাৰ লগে লগে কালিৰে পৰা জিলাখনত আনন্দ বিয়পি পৰে। সকলোৱে বিভিন্ন মাধ্যমে ৰে তেওঁ ক উষ্ম আদৰণি জনায়। তেওঁ ৰ নেতৃত্বত জিলাখন অপশক্তিৰ কবলৰ পৰা মুক্ত হব বুলি আশা প্রকাশ কৰে। আজি তেওঁ লখিমপুৰ ত ভৰি থোৱাৰ সময়তে বিভিন্ন  সংগঠনে গামোচা পিন্ধাই তেওঁ ক আদৰণি জনায়।
You might also like