নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীত তিতাবৰৰ ১২ গৰাকী চাহ জনগোষ্ঠীয় সন্তানৰ নিযুক্তি লাভ 

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  ৰাজ্য চৰকাৰ খনে ৰাজ্যৰ বিভিন্ন পদত নিযুক্তিৰ নামত স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা দৃঢ়তাৰে কৈ অহাৰ সময়তে চাকৰিৰ নামত বেহা চলাৰ ব্যাপক দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ উঠিছে। অভিযোগ আৰু প্ৰতিঅভিযোগৰ মাজতে অসম আৰক্ষীত আজি ঘোষণা কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত তিতাবৰত চাহ জনগোষ্ঠীৰ অতি দৰিদ্ৰ পৰিয়ালৰ ১২  জনকৈ শ্ৰমিক সন্তানে নিযুক্তি লাভ কৰিছে। দুৰ্গোৎসবৰ আনন্দ উল্লাসৰ মাজতে ১২  জনকৈ চাহ শ্ৰমিক সন্তানে অসম আৰক্ষীত নিযুক্তি লাভ কৰাত বাগিচা সমূহত আনন্দৰ উল্লাস বৈছে।উল্লেখ যে অসম আৰক্ষীৰ এছ আইকে ধৰি পাঁচ হেজাৰ পাঁচশ পদৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে।এই পৰীক্ষাত তিতাবৰৰ মনোজ গড়, মানৱ জ্যোতি গড়, গোপাল গড়, উৎপল কুৰ্মী, ভূপেন গুৱালা, আকাশ ওৰাং, কৃষ্ণ খাৰিয়া, নগেন খাৰিয়া, ৰবীন গড়, ৰামু মানকী, উত্তম ওৰাং, আৰু জাম্পন ভেংৰা  নামৰ ১২ গৰাকী চাহ জনগোষ্ঠীয় সন্তানে নিযুক্তি লাভ কৰিছে।ইয়াৰে সাত জন শ্ৰমিক সন্তান তিতাবৰ ৰজাবাৰী অঞ্চলৰ। অতি দৰিদ্ৰ পৰিয়ালৰ শ্ৰমিক সন্তান কেইজনে নিযুক্তি লাভ কৰাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গুৱালাই ধন্যবাদ জ্ঞাপন কৰি অসম চৰকাৰক। সভাপতিগৰাকীয়ে এই প্ৰতিবেদকক জানিব দিয়া মতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ  তিতাবৰৰ পৰা প্ৰতিনিধিত্ব কৰি ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো তিতাবৰৰ ১২ জন শ্ৰমিক সন্তানে নিযুক্তি লাভ কৰা নাছিল।অসম চৰকাৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়াত যি স্বচ্ছ নিকা নিযুক্তিৰ প্ৰক্ৰিয়াৰ কথা কৈ আছিল তিতাবৰৰ ১২ জন দৰিদ্ৰ পৰিয়ালৰ শ্ৰমিক সন্তানে অসম আৰক্ষীত নিযুক্তি লাভ কৰাত চৰকাৰ খনৰ স্বচ্ছ নিকা নিযুক্তিৰ কথা প্ৰমাণিত হৈছে।যাৰ ফলত নেতা গৰাকীয়ে ৰাজ্য চৰকাৰ খনক ধন্যবাদ জনাইছে।লগতে অনাগত নিযুক্তি প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীৰ অধিক মেধাবী সন্তানে  নিযুক্তি লাভ কৰে এই কথা গুৰুত্ব দিবলৈ চৰকাৰ খনক অনুৰোধ জনায়।

প্ৰনৱজ্যোতি কলিতা, তিতাবৰ 

You might also like