নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে আজি জনতা ভৱনত এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত আলোচনা কৰে৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া-কৰ্মচাৰীসকলৰ বাবে যিসমূহ সুবিধাৰ প্ৰস্তাৱ কৰা হৈছে সেই সম্পৰ্কে পৰিষদৰ বিষয়ববীয়াসকলক অৱগত কৰি তেওঁলোকৰ মতামত জনাবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীৰ কল্যাণৰ বাবে অসম চৰকাৰ দায়বদ্ধ৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া বা কৰ্মচাৰী এজনৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ ক্ষেত্ৰত একাধিক কতৃৰ্পক্ষৰ অনুমোদনৰ ব্যৱস্থা আদি আঁতৰাই ক্ষিপ্ৰতাৰে সময় নিৰ্ধাৰিতভাৱে ধনৰাশি আদায়ৰ প্ৰস্তাৱ কৰা হৈছে৷ তেনেদৰে এই নতুন সৰলীকৃত ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধাসমূহ প্ৰদানৰো প্ৰস্তাৱ কৰা হৈছে৷
তদুপৰি আজিৰ এই বৈঠকত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আবেদনমৰ্মে বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰ ৰোলৰ প্ৰায় ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই দিয়াৰ বাবে বিত্ত বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷
আজিৰ এই বৈঠকত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ  প্ৰধান সচিব  অবিনাশ যোশী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব  সমীৰ কুমাৰ সিনহা, অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সিদ্ধাৰ্থ সিং তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ  সভাপতি  প্ৰদীপ দত্ত,  ভাৰপ্ৰাপ্ত সম্পাদকপ্ৰধান শ্যামন্ত দাস,  মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷
You might also like