নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীত আৰক্ষীৰ সমদল

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তথা সৰ্বসাধাৰণ ৰাইজৰ আত্মবিশ্বাস গঢ়ি তোলাৰ উদ্দেশ্যেৰে আজি ধুবুৰীত আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল সমদল উলিওৱা হয়। আজি দুপৰীয়া ১১টাৰ পিনে প্ৰচণ্ড ৰ’দকো নেওচি আৰক্ষী কনিষ্টবল, নতুনকৈ নিযুক্তি পোৱা তথা প্ৰশিক্ষণৰ’ত আৰক্ষী বেটেলিয়নৰ সেই বিশাল সমদলটো ধুবুৰীস্থ আৰক্ষী ছাউনিৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু চহৰখনৰ বিভিন্ন অঞ্চলেৰে আহি চহৰখনৰ ১নং ৱাৰ্ডস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ পিছত সেই সমদলটোৰ সমাপ্তি ঘটে।

You might also like