নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশী জেহাদী গোষ্ঠীয়ে ব্যৱহাৰ কৰে ডাৰ্ক নেটৰ ‘পিয়াৰ টু পিয়াৰ’, আইপি মাস্কিং, সাংকেতিক এনক্ৰিপচনৰ দৰে জটিল, আধুনিক মোবাইল এপ্লিকেচন

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বাংলাদেশী জেহাদী গোষ্ঠীয়ে ব্যৱহাৰ কৰে অত্যাধুনিক, জটিল ডাৰ্ক নেৰ্ট। যোৱাকালি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগা দ্বিতীয় খণ্ডৰ পৰা এগৰাকী জেহাদী সদস্যাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আনচাৰউল্লাহ বাংলা টিম (চমুকৈ এবিটি)ৰ সৈতে যোগসূত্ৰ থকা ধৃত জহুৰা খাতুন (২২) নামৰ মহিলাগৰাকীপ পৰা উদ্ধাৰ হোৱা মোবাইলৰ পৰা পোৱা তথ্যই এয়া নিশ্চিত কৰিছে। আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে এক সংবাদমেল যোগে এয়া সদৰি কৰিছে। মহিলাগৰাকীৰ পৰা এটা অৰ্ধদগ্ধ মোবাইলকে ধৰি উদ্ধাৰ হোৱা কাৰ্য্যক্ষম মোবাইলটো পৰীক্ষা কৰাৰ পিছত ডাৰ্ক নেটৰ ‘পিয়াৰ টু পিয়াৰ’ নামৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এবিটিৰ সদস্যসকলে নিজৰ মাজত যোগাযোগ ৰখাৰ ঘটনাটো পোহৰলৈ আহে। আনকি আৰক্ষী অথৱা চোৰাংচোৱা সংস্থাসমূহৰ চকুত ধুলি দিবলৈ আইপি মাস্কিং, সংকেতিক এনক্ৰিপচন আদিৰ দৰে সাধাৰণৰ বাবে লভ্য নোহোৱা আধুনিক মোবাইল এপ্লিকেচনৰ জৰিয়তে মহিলাগৰাকীয়ে জেহাদী গোষ্ঠীটোৰ অইনৰ সদস্যৰ সৈতে সম্পৰ্ক ৰখাৰ বিষয়টো উন্মোচিত হোৱা বুলিও জানিব পৰা গৈছে। ইফালে জেহাদী গোষ্ঠীটোৰ পলাতক সদস্যসকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যেৰ ধৃত সেই জহুৰা খাতুনে এটা মোবাইল জ্বলাই দিয়াৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমানে আৰক্ষীৰ বিশেষজ্ঞই অৰ্ধধগ্ধ সেই মোবাইলটোৰ পৰা তথ্য উদঘাটন কৰাৰ প্ৰচেষ্টা চলাই থকা বুলিয়েই প্ৰকাশ।

আজিৰ সেই সংবাদমেলখনত ধৃত মহিলাগৰাকীয়ে ধুবুৰীৰ উপৰিও অইন ঠাইস্থিত এবিটিৰ গোপন শিৱিৰত যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে আৰু সেয়ালৈ অনুসন্ধান অব্যাহত থকা বুলি জনাইছে আৰক্ষী অধীক্ষক গুৰাৱে। আনহাতে জিলাখনৰ বিলাসীপাৰা নায়েৰ আলগা দ্বিতীয় খণ্ড তথা ধৃত সেই মহিলাগৰাকীৰ গৃহৰ উপৰিও ধুবুৰী সদৰ থানা এলেকাতো এবিটিৰ সৈতে সম্পৰ্ক থকা এটা মডিউল থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বিষয়টো লৈ সবিশেষ জনাবলৈ নিবিচাৰিলেও দূৰ্গম, অগম্য কোনো চৰাঞ্চলত সেই বিশেষ মডিউলটো সক্ৰিয় হৈ থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে ধৃত জহুৰা মৈৰাবাৰীৰ তথা অসম আৰক্ষী মোষ্ট ৱান্টেডৰ তালিকাত থকা আবু তাল্লাহ নামৰ এবিটি সদস্যজনৰ পত্নী বুলিও জানিব পৰা গৈছে। অৱশ্যে কেতিয়া, ক’ত দুয়োৰে সাক্ষাৎ হৈছিল সেই বিষয়ে ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিক ভাৱে এতিয়াই একো ক’ব বিচৰা নাই। ইফালে ধুবুৰী জিলাৰ বিলাসীপাৰৰ পৰা ৰাজ্যত প্ৰথম মহিলা জেহাদী আৰক্ষীৰ জালত পৰাৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। ল’গতে ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাত অ’ল কায়দা ইন ইণ্ডিয়ান চাবকন্টিনেন্ট (একিউআইএচ)ৰ দৰে কুখ্যাত জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা এবিটিৰ তৎপৰতাৰ এই ঘটনা এক অশনি সংকেত ৰূপেই বিবেচিত হৈছে।

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like