নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছঃ বার্মিংহামত সোণৰ পদক জিনিলে পি ভি সিন্ধুই

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ মহিলাৰ একক ফাইনেলত কানাডাৰ শ্বাটলাৰ মিচেল লীক পৰাস্ত কৰি ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধুৱে সোণৰ পদক লাভ কৰে। মহিলা একক শাখাত প্ৰথমবাৰৰ বাবে সিন্ধুৱে চমৎপ্ৰদ প্ৰদৰ্শন কৰি কমনৱেলথত সোণৰ পদক লাভ কৰে। প্ৰথমেই খেলখনত সিন্ধুৱে মিচেল লীক ২১-১৫ পইণ্টত পৰাস্ত কৰি মেচখনত অগ্ৰগতি লাভ কৰে। দ্বিতীয় ৰাউণ্ডত ২১-১৩ পইণ্টত জয়লাভ কৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হয় সিন্ধুৱে। খেলখনত ২-০ পইণ্টত জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিলে সিন্ধুৱে।

ইপিনে সিন্ধুৰ এই সোণৰ পদকৰ সৈতে এইবাৰৰ কমনৱেলথ গেমছত এতিয়ালৈকে ভাৰতৰ মুঠ ১৯ টা সোণৰ পদক হৈছে আৰু সামগ্ৰিকভাৱে এয়া হৈছে ৫৬ সংখ্যক পদক।

You might also like