নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ প্ৰতিবাদ : বৰহোলাত বিদ্যুতৰ সমস্যা আঁতৰোৱাৰ দাবী

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ তিতাবৰ মহকুমাৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ অঞ্চল বৰহোলা। নগাবাট, বেকাজানক ধৰি কেইবাটাও বৃহৎ এলেকাৰ মুখ্য কেন্দ্ৰস্থল এই বৰহোলাৰ প্ৰতি তিতাবৰ বিদ্যুৎ বিভাগৰ অমনোযোগিতা আৰু চূড়ান্ত দায়িত্বজ্ঞানহীনতাই অঞ্চলবাসীক দীৰ্ঘদিনে অবৰ্ণনীয়ভাবে জ্বলাকলা খোৱাই আহিছে।

ক্ষুব্ধ ৰাইজে বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক এই ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰি আহিছে যদিও আজিকোপতি সমস্যাটোৰ আঁতৰ নহল। সেয়ে বৰহোলা আঞ্চলিক ছাত্র সন্থাই বুধবাৰে দুপৰীয়া বৰহোলাস্থিত বিদ্যুৎ উপকেন্দ্ৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ ”বৰহোলাবাসীক নিয়মীয়া বিদ্যুৎ যোগান ধৰক, অসম চৰকাৰৰ বিদ্যুৎ বিভাগ হায় হায়, তিতাবৰ-বৰহোলাৰ বিদ্যুৎ বিভাগ গ’ বেক, নিয়মীয়া বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিষয়া-কৰ্মচাৰীয়ে অব্যাহতি লওক” আদি শ্ল’গানেৰে প্ৰায় এক ঘণ্টাৰ বাবে বৰহোলাৰ বিদ্যুৎ উপকেন্দ্ৰটোৰ সন্মুখভাগ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছুৰ তিতাবৰ মহকুমা সভাপতি মাধুৰ্য পাঠকে সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে কথাই প্ৰতি উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে বৰহোলাবাসীক নিয়মীয়া বিদ্যুৎ যোগান ধৰিব নোৱাৰাতো এক দুৰ্ভাগ্যৰ বিষয়। চৰকাৰে শীঘ্ৰে এই সমস্যা আঁতৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা অনাগত দিনত প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলৈ সাজু থাকক। এই সন্দৰ্ভত চৰকাৰ তথা বিদ্যুৎ বিভাগে তাৎক্ষণিকভাৱে গুৰুত্ব আৰোপ নকৰিলে শীঘ্ৰে অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে বৰহোলা আছুয়ে। প্ৰতিবাদকাৰীসকলে বৰহোলাবাসীক নিয়মীয়া বিদ্যুৎ যোগান ধৰা, বিদ্যুৎ বিহীন গাওঁ সমূহত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা, বিদ্যুৎ উপকেন্দ্ৰটো উন্নীত কৰা, প্ৰয়োজন অনুসৰি কৰ্মচাৰী নিযুক্তি দিয়া, ৰাইজৰ সুবিধা হোৱাকৈ যোগাযোগ নম্বৰ ৰাজহুৱা কৰা আদি কেইবাটাও দাবী উল্লেখ কৰি তিতাবৰ বিদ্যুৎ সংঘমণ্ডৰ সহকাৰী অভিযন্তা দিব্যজ্যোতি বৰাৰ যোগেদি তিতাবৰ মহকুমাধিপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কাৰ্যসূচীত ছাত্র সন্থাৰ মহকুমা সম্পাদক দিগন্ত বৰা, বৰহোলা আঞ্চলিকৰ সভাপতি ভাস্কৰজ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱা, উপ: সভাপতি বিপ্লৱ সোনোৱাল, তিতাবৰ আঞ্চলিকৰ সভাপতি বিশাল শইকীয়াৰ লগতে ইকৰাণি, নগাবাট, নৱমিলন, গড়াজান, বৰহোলা মহাবিদ্যালয় আৰু কেন্দ্ৰীয় প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল অংশগ্ৰহণ কৰে।

You might also like