নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰেপিড এন্টিজেন্ট টেষ্ট আৰম্ভ

নিয়মীয়া বার্তা, ১৬জুলাই : নগাঁৱত ক’ভিড ১৯ ৰোগী চিনাক্তকৰণৰ বাবে আৰম্ভ হ’ল ৰেপিড এন্টিজেন্ট টেষ্ট । এই পৰীক্ষাত আধা ঘন্টাৰ ভিতৰত ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰিব পাৰি । নগাঁও জিলাত কৰ’না ভাইৰাচৰ সংক্ৰমণ অব্যাহত আছে ।

দিনে-দিনে নগাঁৱত বৃদ্ধি হৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। কালি বিয়লি পৰ্যন্ত জিলাখনত ক’ভিডত আক্রান্তৰ সংখ্যা ১০৫২ গৰাকী হৈছে।

ইফালে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আব্দুল গফুৰ নামৰ এজন কয়দীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছে । কাৰাগাৰ খনৰ চিকিৎসক জন ইতিমধ্যে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে নগাঁৱত কালিৰে পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন্ট টেষ্টত নগাঁৱত ৯ জনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
আজি জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ৮৫ , কন্দলি মডেল হস্পিতালত ৪৫ , উজৰাগাঁও মডেল হস্পিতালত ৩২ ,মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৩৩ , চিমনাবস্তি মডেল হস্পিতালত ৬৪ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

You might also like