নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত সাংবাদিকেৰে মুখ্যমন্ত্ৰীৰ মত বিনিময়ঃ অহা পাঁচ বছৰত জালুকবাৰী সমষ্টিক নতুন ৰূপত সজাই পৰাই তোলা হ’ব

নিয়মীয়া বাৰ্তা , ১৫ অক্টোবৰঃ অসমৰ অন্যতম সন্মানীয় সমষ্টি জালুকবাৰী বিধানসভা সমষ্টিক অহা পাঁচ বছৰত নতুন ৰূপত দেখা যাব। সমষ্টিটোৰ সকলো ধৰণৰ সমস্যা সমাধানৰ প্ৰয়াস আৰু আন্তঃগাথঁনিৰ বৈপ্লৱিক উন্নয়নৰ জৰিয়তে জালুকবাৰী বিধানসভা সমষ্টিক সমৃদ্ধ কৰি তোলা হ’ব। দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে আমিনগাওঁৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত সমষ্টিৰ প্ৰায় তিনি কুৰি সাংবাদিকৰ সৈতে এক অন্তৰঙ্গ মত বিনিময় অনুষ্ঠানত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই এই মত ব্যক্ত কৰে।

তেওঁ কয় যে জালুকবাৰী সমষ্টিক কেন্দ্ৰ কৰি ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ উন্নয়নৰ লক্ষ্য আগত ৰাখি অহা পাঁচ বছৰত ভালেমান উন্নয়ন মূলক আচঁনি ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে। সমষ্টিটোক পলাশবাৰী, গুৱাহাটী, হাজো বা নিকটৱৰ্তী আন অঞ্চলৰ লগত সহজলভ্য যাতায়তৰ সু-ব্যৱস্থা কৰিবলৈ চাৰি-ছয় লেনযুক্ত পথ নিৰ্মাণ আৰু উন্নত মানৰ পকী দলং নিৰ্মাণৰ আচঁনি লোৱা হৈছে বুলিও তেওঁ কয়। অচিৰেই শুৱালকুছি, বংশৰ, গন্ধমৌ, ৰৌমাৰী, শিঙিমাৰী, দদৰা, দলিবাৰী, আজ্ঞাঠুৰী, পছৰীয়া, আলিকাষ আদি অঞ্চলৰ বাবে এটি নতুন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলিও তেওঁ জানিব দিয়ে। ইয়াৰ উপৰিও বৰ্তমান কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি এক অত্যাধুনিক প্ৰশাসনিক কমপ্লেক্স গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ কথাও মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকলক জানিবলৈ দিয়ে।ইয়াৰ লগত এক বৃহৎ কাৰ পাৰ্কিং থাকিব। আলাবৈ ৰণৰ স্মৃতি বিষয়ক কিছু স্মাৰক পৰ্যটকৰ আকৰ্ষণৰ বাবে ইয়াৰ লগতে ৰখাৰ ব্যৱস্থা থাকিব বুলিও জনায়।

এই মত বিনিময় অনুষ্ঠানত শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ সভাপতি পৰেশ বৈশ্য ই মুখ্যমন্ত্ৰী গৰাকীক প্ৰথমতে ফুলাম গামোচাৰে আদৰণি জনায়। সাংবাদিক বিপুল ডেকাই শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ হৈ মুখ্যমন্ত্ৰীক শৰাই আগবঢ়ায়। শুৱালকুছি সাংবাদিক সন্হাৰ হৈ সভাপতি দিলীপ মেধিয়ে মুখ্যমন্ত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ মত বিনিময় অনুস্হানত সমষ্টিটোৰ আন আন প্ৰেছ ক্লাবসমূহেও মুখ্যমন্ত্ৰীক গোমোচা,ফুলৰ থোপা,জাপি আদিৰে সম্ভাষণ জনায়।শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ সম্পাদক মধুসূদন মেধিয়ে আঁত ধৰা উক্ত অনুষ্ঠানত শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ তৰফৰ পৰা সমষ্টিটোৰ সাংবাদিক সকলৰ বাবে আমিনগাঁৱত কেন্দ্ৰীয় ভাৱে এটি অত্যাধুনিক প্ৰযুক্তিৰে প্ৰেছ ক্লাব নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লবলৈ জনোৱা অনুৰোধ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অতি সোনকালে প্লেন এণ্ড এষ্টিমেট প্ৰস্তুত কৰি তেওঁক দিবলৈ পৰামৰ্শ দিয়ে আৰু অনতি পলমে এই প্ৰেছ ক্লাবৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব বুলি সাংবাদিক সকলক জনায়। সভাত জালুকবাৰী সমষ্টিৰ অন্যান্য ঠাইত থকা প্ৰেছ ক্লাবসমূহৰ উন্নয়নৰ বাবে পৰ্যায় ক্ৰমে চেষ্টা কৰিব বুলি আশ্বাস দিয়ে।

সভাত সাংবাদিক সকলে সমষ্টিৰ উন্নয়নৰ বাবে হাতত ল’ব পৰা ভালেমান আচঁনিৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰে। সভাত শুৱালকুছিৰ সূতা ভাণ্ডাৰ, উত্তৰ গুৱাহাটীৰ খোৱাপানী ব্যৱস্থা, উপায়ুক্তৰ কাৰ্যালয়লৈ যাবলৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে হোৱা সমস্যাৰ বিষয়ে সাংবাদিক সকলে অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে সেই সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধানৰ ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে।সাংবাদিকৰে হোৱা আলোচনাত কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে উপস্থিত থাকি মুখ্যমন্ত্ৰীক চৰকাৰে লোৱা আচঁনি সমূহৰ বিষয়ত তথ্য পাতি দি সহায় কৰে।সভাত সাংবাদিক সকলে এটি জিলা পুথিভঁৰালৰ লগতে সংলগ্ন কৈ এটি ডাঙৰ সভাগৃহ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। লগতে আমিনগাঁৱৰ অধুনালুপ্ত ৰেলৱে ষ্টেচনটো ঐতিহ্যপূৰ্ণ ৰেলৱে ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ লবলৈ সাংবাদিক সকলে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে আমিনগাঁও ৰেলৱে ষ্টেচনটো ঐতিহ্যপূৰ্ণ ৰেলৱে ষ্টেচন হিচাপে নিৰ্মাণ কৰিবলৈ ৰে’ল বিভাগৰ লগত কথা বতৰা হোৱা বুলি জানিবলৈ দিয়ে। সভাত সমষ্টিৰ সাংবাদিক সকলে তেওঁলোকৰ বাবে এখনি সংহত স্বাস্থ্য আচঁনি ৰূপায়ণৰ লগতে সমষ্টিৰ সাংবাদিক সকলৰ বৌদ্ধিক আৰু বৃত্তিগত উত্তৰণৰ বাবে ভাৰতৰ বিভিন্ন ঠাইত উন্নয়নমূলক সাংবাদিকতা কেনেদৰে চলিছে সেই বিষয়ক অভিজ্ঞতা অৰ্জন বাবে সাংবাদিক সকলক ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰী তথা জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীক অনুৰোধ জনায়।

দিলীপ মেধি, শুৱালকুছি

You might also like