নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মোৎসৱত শুৱালকুছিত পাৰভঙা উৎসাহঃ হৰিনামৰ ধ্বনিত মুখৰ হল বস্ত্ৰনগৰী

নিয়মীয়া বাৰ্তা  ১৫ অক্টোবৰঃহৰিনামৰ ধ্বনিত আজি মুখৰ হৈ পৰে সমগ্ৰ বস্ত্ৰনগৰী ৷ শুৱালকুছিৰ ৰাজপথত কেৱল নামৰ ধ্বনি ৷ জ্যেষ্ঠ জনৰ পৰা যুৱক আৰু কিশোৰলৈকে সকলোৱে ধুতি, চেলেং পৰিধান কৰি ডিঙিত গামোচা লৈ তাল খোল আদি বজাই শুৱালকুছিৰ সমগ্ৰ ৰাজপথত হৰিনামৰ জোৱাৰ তোলে ৷ শুৱালকুছিৰ প্ৰতিটো পৰিয়ালে তামোল পানৰ শৰাই আগবঢ়াই নামৰ দলৰ ওচৰত আঠু কাঢ়ি সেৱা লয় পৰিয়ালটিৰ কুশল মঙ্গলৰ বাবে ৷

উল্লেখ যে অসমীয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ , নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ শুৱালকুছিত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৷ শুৱালকুছিৰ সৰ্ববৃহৎ ধৰ্মানুষ্ঠান মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামৰ উদ্যোগত সুকীয়া সুকীয়াকৈ অনুস্থিত হোৱা গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি পুৱা শুৱালকুছিৰ প্ৰতিটো পৰিয়ালৰ পদুলিত বন্তি প্ৰজ্বলনৰ উদ্দেশ্য অস্থায়ী ভাৱে কলগছ পোতা হয় ৷ পুৱা ছাত্ৰ ছাত্ৰীৰ শোভাযাত্ৰাৰ পিছতে শুৱালকুছিৰ ৰাজপথৰ প্ৰতিটো চ’কতে অনুস্হিত হয় গুৰুজনাৰ অমৰ সৃষ্ট ভাওনা প্ৰদৰ্শন ৷ শুৱালকুছিৰ কেইবাটিও সাংস্কৃতিক দলে পৰিবেশন কৰা ভাওঁনাই দৰ্শক ৰাইজক বাৰুকৈয়ে মুগ্ধ কৰে ৷ দহ বজাত মুখপত্ৰ “শ্ৰীমন্ত শঙ্কৰ প্ৰকাশ” উন্মোচন কৰা হয় ৷ সন্ধিয়া প্ৰতিটো পৰিয়ালৰ পদুলিতে বন্তি প্ৰজ্বলন কৰা হয় ৷ শাৰী শৰীকৈ প্ৰজ্বলিত হোৱা বন্তিৰ পোহৰে শুৱালকুছিৰ ৰাজপথ উজ্বলাই তোলে ৷ সন্ধিয়া অনুষ্ঠিত হয় ভাগৱত শোভাযাত্ৰা ৷ নিশা অনুস্থিত হয় মহিলাৰ দিহানাম প্ৰতিযোগিতা ৷

আজি পুৱা উষা কীৰ্ত্তনৰ পিছতে অনুস্হিত আই মাতৃৰ নাম প্ৰসংগ ৷ ৮-৩০ বজাত ধৰ্ম পতাকা উত্তোলন কৰে শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ সভাপতি যোগেশ্বৰ মহন্ত বৰবায়নে ৷ ৯ বজাত অনুস্থিত হয় ৰাজপথত সমদল হৰিনাম কীৰ্ত্তন ৷ ইয়াৰ লগে লগে মন্দিৰত অনুস্হিত হয় বৈষ্ণৱ ভকতৰ নাম প্ৰসংগ ৷ নিশা অনুস্হিত হয় অঙ্কীয়া নাটক ৷
শুৱালকুছিৰ ধৰ্মালোচনী সভাত অংশ লৱ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাইঃ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কাইলৈ শুৱালকুছিত উপস্থিত হৈ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে আবেলি তিনি বজাত আয়োজন কৰা ধৰ্মালোচনী সভা এখনত অংশ লৈ নৱ বৈষ্ণৱ ধৰ্মৰ ওপৰত এক বক্তৃতা প্ৰদান কৰিব ৷ তেওঁ শুৱালকুছিত নিৰ্মাণ হৈ থকা স্টেডিয়ামখনৰ অগ্ৰগতি সন্দৰ্ভতো বুজ লব বুলি জানিব পৰা গৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ শুৱালকুছিৰ ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে ৷

You might also like