নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেলুট নিদিয়াৰ বাবেই গোৱালপাৰাৰ উপায়ুক্তই প্রহাৰ কৰিলে আৰক্ষী জোৱানক

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ গোৱালপাৰাৰ উপায়ুক্ত বর্ণালী ডেকাই শনিবাৰে নিশা থিয়েটাৰ উপভোগ কৰিবলৈ যোৱাত চেলুট নিদিয়াৰ বাবেই আৰক্ষীৰ বেটেলিয়নক প্রহাৰ কৰা ঘটনাক কেন্দ্র কৰি জিলাব্যাপী তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

গোৱালপাৰা সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াই আৰক্ষী বেটেলিয়নৰ ষ্টেটমেণ্ট ৰেকর্ড কৰা মতে নিশা ৮.১০ বজাত গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত বৰদৈচিলা থিয়েটাৰ উপভোগ কৰিবলৈ জিলা উপায়ুক্ত বর্ণালী ডেকাই থিয়েটাৰ প্রেক্ষাগৃহত প্রৱেশ কৰে৷

ইতিমধ্যে থিয়েটাৰ আৰম্ভ হোৱাত ভিতৰত অন্ধকাৰ হৈ আছিল৷ উপায়ুক্তগৰাকীয়ে থিয়েটাৰত প্রৱেশ কৰাৰ সময়ত আৰক্ষী বেটেলিয়নৰ জোৱান ক্রমে কল্যাণ ৰয় আৰু জহিৰুল ইছলাম মোগলে আৰক্ষী উপ–পৰিদর্শক কমল কৃষ্ণ নাথৰ তত্বাৱধানত কর্তব্য পালন কৰি আছিল৷ কিন্তু কর্তব্যৰত অৱস্থাত উপায়ুক্তক চেলুট নিদিয়াৰ বাবেই আৰক্ষী বেটেলিয়নৰ জোৱান দুজনক জবাবদিহি কৰাৰ লগতে বিভিন্ন ধৰণৰ গালি–শপনি পাৰে৷

উত্থাপিত অভিযোগ অনুসৰি ইয়াতে ক্ষান্ত নাথাকি উপায়ুক্তগৰাকীয়ে আৰক্ষী বেটেলিয়নৰ জোৱান দুজনৰ ফটো তোলে আৰু কল্যাণ ৰয়ৰ সোঁ ভৰিত লথিয়াই লথিয়াই আঁতৰ কৰি দিয়ে৷ ইয়াকে কেন্দ্র থিয়েটাৰ প্রেক্ষাগৃহত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত কল্যাণ ৰয়ক থিয়েটাৰৰ পৰা সদৰ থানালৈ নিয়ে৷ ইয়াৰ পিছত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে আৰু পিছত জি ডি নং–২৩৬ ত তেওঁৰ ষ্টেটমেণ্ট ৰেকর্ড কৰা হয়৷ উপায়ুক্তগৰাকীয়ে আৰক্ষী বেটেলিয়নৰ কল্যাণ ৰয়ে দুর্ব্যৱহাৰ কৰা বুলি দেওবাৰে সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷

You might also like