নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী–প্রশাসনৰ সালসলনি

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে এক নির্দেশযোগে অসম আৰক্ষীৰ কিছু সালসলনি ঘটাইছে৷ সেই অনুসৰি চি আই ডিৰ ডি আই জি মৃদুলানন্দ শর্মাক ভিজিলেন্স এণ্ড এণ্টি কৰাপচনৰ ডি আই জি হিচাপে বদলি কৰা হৈছে৷ ভিজিলেন্স এণ্ড এণ্টি কৰাপচনৰ ডি আই জি এম আই মণ্ডলক দেৰগাঁৱৰ প্রশিক্ষণ শাখাত ডি আই জি পদলৈ বদলি  কৰা হৈছে৷ দেৰগাঁৱৰ প্রশিক্ষণ শাখাৰ ডি আই জি প্রশান্ত কুমাৰ ভূঞাক তেজপুৰৰ ডি আই জি হিচাপে বদলি কৰা হৈছে৷ দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ এন ভি চন্দ্রকান্তক সহকাৰী আই জি পি (প্রশাসন) পদলৈ বদলি কৰা হৈছে৷ আনহাতে, অসম আৰক্ষীৰ মুখ্য কার্যনির্বাহক সংলগ্ন হৈ থকা গৌৰৱ উপাধ্যায়ক লজিষ্টিক শাখাৰ সহকাৰী আই জি পি পদত নিয়োগ কৰা হৈছে৷ লিগিৰীপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক দেৱাশিস শর্মাক দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে বদলি কৰা হৈছে৷

ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগেও আজি প্রশাসনৰ কিছু সালসলনি ঘটাইছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সচিব ৰমেন চন্দ্র মালাকাৰক সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে৷ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব ই কাথাৰক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে৷ সেইদৰে বৰনগৰৰ চক্র বিষয়া মানস কুমাৰ শইকীয়া, বঙাইগাঁৱৰ নির্বাচন বিষয়া বাসৱী ঠাকুৰীয়াক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ উপ–সঞ্চালক হিচাপে বদলি কৰা হৈছে৷

You might also like