নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়া ক্লাবৰ প্রতিষ্ঠা দিৱস উদযাপনঃ মুখ্য অতিথি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ গুৱাহাটীৰ ইণ্ডিয়া ক্লাবে শনিবাৰে ৮৯সংখ্যক বর্ষপূর্তি উপলক্ষে উদযাপন কৰে প্রথম প্রতিষ্ঠা দিৱস৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে শান্তনু ভৰালী (অধিবক্তা)৷ তদুপৰি অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্রসমূহক প্রতিনিধিত্ব কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়েও অনুষ্ঠানটোত অংশগ্রহণ কৰে৷ ১৯৩৩ চনত ব্রিটিছ শাসনৰ সময়ত স্থাপিত, ইণ্ডিয়া ক্লাবে আৰম্ভণিতে অঞ্চলটোৰ টেনিছ উৎসাহীসকলক সেৱা আগবঢ়াইছিল যদিও বর্তমান টেবুল টেনিছ, বিলিয়র্ডছ, বেডমিণ্টন, ডার্টছ আৰু সাঁতোৰৰ দৰে ক্রীডাৰ বাবে সর্বশ্রেষ্ঠ কেন্দ্র হিচাপে এই ক্লাবৰ জনপ্রিয়তা দ্রুতগতিত বৃদ্ধি পাইছে৷ এই উপলক্ষে ইণ্ডিয়া ক্লাবে অসমৰ দুজন প্রতিশ্রুতিসম্পন্ন জুনিয়ৰ খেলুৱৈ ৰিয়ান কাশ্যপ আৰু অদ্রিকা ৰাজকুমাৰীক টেনিছ বৃত্তি প্রদান কৰিছে৷ ‘ক্রীডা প্রতিভাক উৎসাহিত কৰাটো বিগত বছৰবোৰত ইণ্ডিয়া ক্লাবৰ অন্যতম গুৰুত্বপূর্ণ বিষয় হৈ আহিছে৷ বিগত ৮৯ বছৰত এই ঐতিহ্যপূর্ণ ক্লাবটোৱে ক্রীডা, সংস্কৃতি আৰু সৌহার্দ্যৰ বিকাশৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰি আহিছে৷ মই আশা কৰোঁ যে ক্লাবটোৱে আগলৈও এনেধৰণৰ বিকাশ আৰু অনুপ্রেৰণা অব্যাহত ৰাখিব৷’ প্রতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে আমন্ত্রিত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱালে তেওঁৰ বক্তব্যত এনেদৰে কয়৷

You might also like