নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সুৰক্ষাত ত্রুটিঃ পঞ্জাব চৰকাৰে অপসাৰণ কৰিলে আৰক্ষীপ্রধানক

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তাৰ ত্রুটিক লৈ সমালোচনাৰ সন্মুখীন হোৱা পঞ্জাবৰ কংগ্রেছ চৰকাৰে শনিবাৰে ৰাজ্যখনৰ আৰক্ষীপ্রধান সিদ্ধার্থ চেতার্জীক অপসাৰণ কৰিবলৈ বাধ্য হৈছে৷ উল্লেখনীয় যে নির্বাচন আয়োগে পাঁচ ৰাজ্যৰ সময়সূচী ঘোষণা কৰাৰ কেইমিনিটমান পূর্বেই পঞ্জাব চৰকাৰে আৰক্ষীপ্রধানগৰাকীক্ পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যখনৰ নতুন আৰক্ষীপ্রধান হিচাপে দায়িত্ব লাভ কৰিছে ভি কে ভাওৰাই৷

স্মর্তব্য যে যোৱা পাঁচ জানুৱাৰীত পঞ্জাবৰ ভাথিণ্ডাৰ পৰা ফিৰোজপুৰলৈ যোৱাৰ পথত কৃষক বিক্ষোভৰ বাবে প্রধানমন্ত্রীৰ কনভয় ২০ মিনিট সময় বাধাগ্রস্ত হৈছিল৷ ইয়াৰ ফলত প্রধানমন্ত্রীগৰাকীয়্ ভাথিণ্ডা বিমানবন্দৰলৈ উভতি যাবলগীয়া হৈছিল৷ এই ঘটনাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ অৱশ্যে প্রধানমন্ত্রীৰ সুৰক্ষাৰ ক্ষেত্রত ত্রুটি হোৱা নাছিল বুলি ঘোষণা কৰি আহিছে পঞ্জাব চৰকাৰে৷ কিন্তু বিভিন্ন মহলত বিষয়টোক লৈ সৰৱ চর্চা চলি থকাৰ মাজতে আৰক্ষীপ্রধানগৰাকীক্ চৰকাৰে অপসাৰণ কৰা ঘটনা তাৎপর্যপূর্ণ৷

You might also like