নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনমন্ত্ৰীৰ গৃহ সমষ্টি ধলাইৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ফিছাৰিত উচ্ছেদ বন বিভাগৰ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ গৃহ সমষ্টি ধলাইৰ মনিয়াৰ খাল সংৰক্ষিত বনাঞ্চলত থকা অবৈধ মাছৰ ফিছাৰিত উচ্ছেদ চলালে কাছাৰৰ বন বিভাগে । শনিবাৰে ৰাতিপুৱাৰ পৰা ফিছাৰিৰ বিৰুদ্ধে অভিযানত নামে বন বিভাগ ।এদিন কেইবাটাও ফিছাৰিৰ মথাউৰি কাটি পানী উলাই দিয়া হয় ।বন্ধ‌ কৰি দিয়া হয় ফিছাৰি । দীৰ্ঘ কেইবা বছৰ ধৰি বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যৰ কেইবাজন ঘনিষ্ঠ ব্যক্তি ক্ষমতাৰ অপব্যৱহাৰ কৰি সংৰক্ষিত বনাঞ্চলত বহু কেইটা ফিছাৰি নিৰ্মাণ কৰি মাছৰ বেহা চলাই আহিছিল । মন্ত্ৰীৰ ঘনিষ্ঠৰ মাজত তেওঁৰ দেহৰক্ষী তুষাৰ ৰয় ,শঙ্কু ৰয় আদি কেইবাজনো লোকে বনবিভাগৰ মাটি কাটি ফিছাৰি বনাই মাছৰ বেহা চলাই আহিছিল । অভিযোগ অনুসৰি, ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত থকা খাছি সম্প্ৰদায় লোকক খেদি পঠাই তাতে ফিছাৰি নিৰ্মাণ কৰিছিল । দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে এই ফিছাৰি সমূহৰ বিৰুদ্ধে বন বিভাগক অভিযোগ কৰিছিল । কিন্তু তদানীন্তন ডিএফও ছানি দেও চৌধুৰীয়ে উক্ত অভিযোগৰ বিৰুদ্ধে কোনও গুৰুত্ব দিয়া নাছিল। ফিছাৰি বন্ধ নকৰি তুষাৰ ৰয় সহ অবৈধ ফিছাৰি মালিক সকলক মদত দিছিলে ছানি দেও চৌধুৰীয়ে ।বৰ্তমানৰ নতুন চিচিএফ আৰু ডিএফঅ উক্ত ফিছাৰিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

You might also like