নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ কামপুৰত বিজেপি কর্মীয়ে বানাক্রান্তৰ খাদ্যৰ বিপৰীতে পশুধনৰ বাবে আদায় ল’লে ৫ টকা

নিয়মীয়া বার্তা, ২৬ জুনঃ মধ্য অসমৰ কামপুৰত আজিও ঘৰে–বাৰীয়ে–পথাৰে সাগৰ সদৃশ অৱস্থা৷ কপিলী, নিশাৰী,বৰপানী নদীৰ বাঢ়নী পানীয়ে প্রতিজন গৃহস্থক সকলো শেষ কৰাৰ পাছত এতিয়াও শ শ লোক আশ্রয় শিবিৰত জীৱন যাপন কৰিবলগীয়া হৈছে৷ এসাঁজ খাদ্য, পশুধনৰ পেটৰ চিঞৰ দূৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুই হাত মেলি বানাক্রান্তক খাদ্য–সামগ্রী তথা পশুধনৰ বাবেও আহাৰ যোগান ধৰিছে৷ যোৱা ২২ জুনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কামপুৰৰ বানৰ ভয়াৱহতা পৰিদর্শন কৰাৰ পাছতে বান সাহায্য প্রদান অধিক খৰতকীয়া কৰি তোলা হৈছে৷ তাৰ মাজতে বান সাহায্য প্রদানৰ নামত একাংশ লোকে বানাক্রান্তৰ পৰা অর্থ সংগ্রহ কৰাৰ বাতৰি ‘নিয়মীয়া বার্তা’ত  প্রকাশ পোৱাৰ পাছতেই এইবাৰ কামপুৰ পৌৰসভাৰ অন্তর্গত ৬ নম্বৰ মহলাৰ পাছনিজাৰত পশুধনৰ খাদ্যৰ নামত বানাক্রান্তৰ পৰা বিজেপি কর্মীয়ে অর্থ সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ পলমকৈ পোৱা অভিযোগ অনুসৰি কালি পৌৰসভাখনৰ পাছনিজাৰত পশুধনৰ বাবে অহা খাদ্যৰ বিনিময়ত ৫ টকাকৈ বুথ কমিটীৰ সভাপতিসহ দুজন কর্মীয়ে সংগ্রহ কৰে৷ ইফালে, আজি এহ কথাৰ বিষয়ে বিয়পি পৰাত সাংবাদিকে কামপুৰ ৰাজহ চক্রৰ চক্র বিষয়া সুজাতা গগৈক জনোৱাত ঘটনাটোৰ তদন্ত কৰে আৰু ভুক্তভোগী বানাক্রান্তক অর্থসমূহ ঘূৰাই দিবলৈ নির্দেশ দিয়ে৷

You might also like