ঐতিহাসিক হাতীগড় কাটি ধ্বংস কৰি দেৱাল নিৰ্মাণ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত কৃষক মুক্তিৰ অৱস্থান
যোৰহাট জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সংবৰ্ধন কৰা দাবী
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: মৰিয়নিৰ কাঠকটীয়া অঞ্চলৰ মাজেৰে যোৱা ঐতিহাসিক হাতীগড় একাংশ লোকে বেদখল কৰাৰ লগতে কাটি – খান্দি ধ্বংস কৰা কাৰ্য্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন সংগঠন । যোৱা ২৬ নৱেম্বৰত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু) ৰ যোৰহাট জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পিছত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নী আঞ্চলিক সমিতিয়ে মৰিয়নীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । উল্লেখযোগ্য যে, আহোমৰ ৰাজত্বকালত ৰজা প্ৰতাপ সিংহই নগাপাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে হাতী নিবৰ বাবে নিৰ্মাণ কৰা ঐতিহাসিক হাতীগড়টোৰ সম্প্ৰতি অস্তিত্ব নাইকীয়া হোৱাৰ উপক্ৰম হৈছে । শেহতীয়াকৈ কাঠকটীয়া অঞ্চলত এজন ব্যৱসায়ীয়ে হাতীগড়টো কাটি ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত কাৰ্য্যৰ বিৰোধীতাৰ লগতে এনে দুষ্কাৰ্য্যত জড়িত থকা ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নি আঞ্চলিক সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । মৰিয়নি থানা তিনি আলিত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ সম্পাদক অৰিন্দম গগৈ, তিতাবৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদকদ্বয় তপন ফুকন আৰু প্ৰফুল্ল বড়া, তিতাবৰ মহকুমাৰ সহকাৰী সম্পাদক বিতুপন শইকীয়া, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি ভৰত কলিতা, সম্পাদক ভদ্ৰ শেনচোৱা প্ৰমুখ্যে নেতৃত্বই ৰাজ্যখনৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে । চৰকাৰৰ হেমাহিৰ বাবেই বহিৰাগত বণিয়াই অসমৰ স্বাভিমানস্বৰূপ ঐতিহাসিক সমলসমূহৰ ওপৰতো বেদখল চলাব পাৰিছে বুলি উল্লেখ কৰে । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদথলী মুখৰ কৰি তোলে । প্ৰতিবাদথলীত উপস্থিত হোৱা তিতাবৰ মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ ডাঃ বিশ্বজিত বৰাৰ জৰিয়তে যোৰহাট জিলাৰ উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । স্মাৰকপত্ৰত উল্লেখ কৰি তেওঁলোকে কয়- লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উলহ মালহেৰে পালন কৰাৰ সময়তে ঐতিহাসিক কীৰ্তিচিহ্নৰ ওপৰত বহিৰাগত ব্যৱসায়ীয়ে বেদখল চলাইছে । স্মাৰক পত্ৰত সুনীল জালান নামৰ এজন ব্যৱসায়ীয়ে ঐতিহাসিক হাতীগড়ৰ ওপৰত বেদখল চলোৱাৰ লগতে গড়টো কাটি ধ্বংস কৰা বুলিও লগতে উল্লেখ কৰিছে । তাৰোপৰি সুনীল জালান নামৰ ব্যৱসায়ীজনৰ এনে দুষ্কাৰ্য্যত মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া, মণ্ডল, কাননগো, মাটিৰ দালাল আদিয়ে সহযোগ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । স্মাৰক পত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাট জিলাত থকা ঐতিহাসিক গড়সমূহ বেদখলমুক্ত কৰা, ঐতিহাসিক হাতীগড় কাটি দেৱাল নিৰ্মাণ কৰি বেদখল চলোৱা ব্যৱসায়ী সুনীল জালানৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ শাস্তি প্ৰদান কৰা, ঐতিহাসিক হাতীগড় কাটিবলৈ বা দিক্ দেখুৱাই দিয়া মণ্ডলকে ধৰি চৰকাৰী বিষয়াসকলক গ্ৰেপ্তাৰ কৰা আৰু যোৰহাট জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ আৰু ঐতিহাসিক সমলসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে । এই দাবীসমূহ শীঘ্ৰেই সমাধানৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । অন্যথা ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়নি প্ৰদান কৰিছে ।
দিব্যজ্যোতি শইকীয়া