নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৱেচিচ ট্ৰাষ্টৰ উদ্যোগত সাত দিনীয়া বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৫ মেঃ গোৱালপাৰা জিলাৰ স্বেচ্ছাসেৱী সংগঠন ওৱেচিচ ট্ৰাষ্টৰ উদ্যোগত যোৱা  ২২ মে তাৰিখৰ  পৰা  সাত দিনীয়াকৈ আগিয়াত ট্ৰাকচালক সকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হৈছে । পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ পথ সুৰক্ষা কোষৰ অৰ্থ সাহায্যৰে আয়োজন কৰা হৈছে এই চকু চিকিৎসা শিবিৰৰ ৷ জিলাখনৰ আগিয়াৰ লক্ষীপুৰ-গোৱালপাৰা পথৰ কাষত অৱস্থিত ম’মো হাটত আয়োজিত এই বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ সামৰণি পৰিব ২৮ মে’ তাৰিখে ৷ কেবা গৰাকী অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা চিকিৎসা আগবঢ়োৱা এই শিবিৰ খন আজি পুৱা ১০ বজাত শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত কল্যাণী কংকনা দাসে ৷ কুৰবান আলী আকণ্ডে সভাপতিত্ব কৰা আৰু ট্ৰাষ্টৰ উপ সভাপতি আবু আল কাছিমে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ উদ্বোধনী সভাখনত সন্মানীয় অতিথি হিচাপে জিলা পৰিবহন বিভাগৰ পৰিদৰ্শক ৰমাকান্ত পাচি, চকু বিশেষজ্ঞ ৰবীন চন্দ্ৰ দাস, জিলা পৰিবহন বিভাগৰ সহকাৰী পৰিদৰ্শক আলফ্ৰেড আলী, স্বৰাজ ওৱেলফেয়াৰ ফাউণ্ডেচনৰ সম্পাদক আব্দুল মজিদ, জিলা স্বাস্থ্য বিভাগৰ আলী মণিব বিন মেহেদি, ৰাষ্ট্ৰীয় ঘাই পথৰ কণিষ্ঠ অভিযন্তা হৰিচন্দ্ৰ , সমাজসেৱক মহম্মদ ইচমাইল আদিকে ধৰি কেবা গৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে বুলি ওৱেচিচ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক আবু তাহেৰ মহম্মদ ফাৰহাদ আলীয়ে জানিবলৈ দিছে। 
 আগিয়া  – লক্ষ্মণ কুমাৰ নাথ
You might also like