নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

নিয়মীয়া বাৰ্তা,১৮,জুন: আজি একেৰাহে ১০ দিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰিৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰাত ৰাজ্যৰ লগতে মাজুলীৰ বান পৰিস্থিতি কিছু শোচনীয় হৈ পৰিছে। শেহতীয়াকৈ মাজুলী ৰ নৈ পৰীয়া অঞ্চল সমূহত ব্ৰহ্মপুত্ৰকে ধৰি সোৱণশিৰী, নদীৰ পানীয়ে কিছু পৰিমানে প্লাৱিত কৰা দেখা গৈছে। ইফালে আজি পুৱা নামনি জকাইবোৱা এম ই স্কুলৰ কাষত বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো সোৱনশিৰি নৈৰ বাঢ়নি পানীয়ে চিঙি পেলোৱাৰ ফলত মধ্য মাজুলীৰ বিস্তৃৰ্ণ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে আৰু কুৰিখনৰো অধিক গাঁৱত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্কুলীয়া সময়তে বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো চিগি যোৱাৰ ফলত নামনি জকাইবোৱা এম ই স্কুলত আৱদ্ধ হৈ পৰে বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকল। পিছত বিদ্যালয় খনৰ ১২ গৰাকী ছাত্ৰ ছাত্ৰী, ৩ গৰাকী শিক্ষক আৰু ৪ জন স্থানীয় লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে। বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো চিঙি পেলোৱাত এতিয়া চিগা অংশৰে সোমাই অহা পানীয়ে অঞ্চলটোৰ প্ৰায় ২০ খন গাওঁত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কৃষি পথাৰ বিনষ্ট কৰিছে।

উল্লেখযোগ্য যে বাঢ়নি পানীয়ে চিঙা উক্ত জৰাজীৰ্ণ কৃষিবান্ধটো মেৰামতিত চৰকাৰে গুৰুত্ব নিদিয়াত যোৱাকালি হাতে হাতে কোৰ লৈ অঞ্চলৰ দহখন গাঁৱৰ ৰাইজে কৃষি বান্ধটো নিৰ্মাণ কৰাৰ বাবে ওলাই আহিছিল। অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে বানত প্লাৱিত উক্ত বালি জকাইবোৱাতে ২০২১ চনৰ ২৯ নৱেম্বৰত নৈশ যাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নৈশ যাপনৰ পিছদিনা উক্ত অঞ্চলতে মাজুলীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ৩০ কোটি টকাৰ আঁচনি গ্ৰহণেৰে শিলান্যাস প্ৰতিষ্ঠা কৰাৰ লগতে জল সম্পদ বিভাগে শীঘ্ৰে বালি জকাইবোৱা অঞ্চলত চলি থকা সোৱনশিৰি নদীৰ তীব্ৰ গড়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবেও আঁচনি ৰূপায়ন কৰিছিল মুখ্যমন্ত্ৰীয়ে।

ইফালে মাজুলীৰ মথাউৰীৰ ভিতৰৰ অঞ্চল সমূহ বানপানীৰ পৰা নিৰাপদে আছে যদিও মথাউৰীৰ বাহিৰৰ নৈপৰীয়া ভকত চাপৰি, শালমৰা, কলনিবাৰী আদি অঞ্চল সমূহ বানত প্লাৱিত হোৱাৰ খবৰ পোৱা গৈছে। যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰৰ পানী তীব্ৰ হাৰত বৃদ্ধি পোৱাত পৰিস্থিতিৰ কিছু অৱনতি ঘটে। যোৱাকালি নিশা ১০ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমলাবাৰী ফেৰী ঘাটত ৮৫.৬১ ছেন্টিমিটাৰ ওপৰে বৈ আছিল যদিও আজি পুৱাৰ ভাগত ৮৫.৭০ ছেন্টিমিটাৰলৈ জলপৃষ্ঠ বৃদ্ধি পায়। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বাতৰি লিখাৰ পৰলৈকে কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে আৰু জলপৃষ্ঠ বৃদ্ধি পাই আছে। ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱাকালিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট মাজুলীৰ ফেৰী সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। ইফালে নামনি মাজুলীৰ কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কনিষ্ঠ মহাবিদ্যালয় খনৰ লগতে মহৰীছুকৰ তথা নামনি মাজুলীৰ শ শ খন গাৱলৈ ভাবুকি কঢ়িয়াই আনিছে।

You might also like