নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত দুদিনীয়াকৈ কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠান

 নিয়মীয়া বাৰ্তা, ১৮ জুন: মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ আজি সামৰণি পৰে । গুৱাহাটীৰ NEPNI গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সহযোগত অনুষ্ঠিত এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানটি প্ৰথম দিনা আদৰণি ভাষনেৰে মুকলি কৰে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন শইকীয়াই । বিশেষকৈ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বাবুল আলি, নগেন ৰজক, ড° কৰণ য়াংমা, চাহিদুল ইছলাম আদিয়ে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে । তেওঁলোকে কয়- বতাহ ধুমুহাৰ মাজত থাকিও নিজক প্ৰতিষ্ঠা কৰিব লাগিব । তেনেদৰে প্ৰতিষ্ঠা লাভ কৰাটোহে মূল কথা । এ চি, ফেনৰ তলত থাকি কৰাতো নহয় ।

আনহাতে, ছাত্ৰ ছাত্ৰীসকলক কেৱল চাকৰিমূখী নহ’বলৈ পৰামৰ্শ আগবঢ়াই তেওঁলোকে কয়- সকলো স্বাৱলম্বী হ’ব লাগিব । বৃত্তিমুখী হ’ব লাগিব । তেতিয়াহে নিজৰ লগতে সমাজৰো উন্নয়ন হ’ব বুলিও তেওঁলোকে লগতে উল্লেখ কৰে । শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো স্বাস্থ্য বিজ্ঞান, স্বাস্থ্য খণ্ড আদিৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লেখ কৰি এনেবোৰ বিষয়ৰ প্ৰতিও লক্ষ্য দিবলৈ তেওঁলোকে প্ৰসংগক্ৰমে আহ্বান জনায় । মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হাই আৰু ড° চিৰঞ্জিত হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে সমল ব্যক্তিসকলে ।

এই অনুষ্ঠানতে NEPNI গ্ৰুপ অৱ ইনষ্টিটিউতে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ দুই অভিভাৱক প্ৰফুল্ল বৰা আৰু অনিল বৰাৰ লগতে মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকন, ৰে’লৱে হাইস্কুলৰ প্ৰধান শিক্ষক ৰথীন্দ্ৰ কুমাৰ দে, আদৰ্শ হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক ভগত আদিক সম্বৰ্ধনা জনোৱা হয় । অধ্যাপক ড° চিৰঞ্জিত হাজৰিকা, ড° ৰুবুল হাজৰিকা আৰু ড° ৰাজকুমাৰ গোহাঁইবৰুৱা সমন্বয়ক হিচাপে থকা অনুষ্ঠানটোৰ দুয়োদিনৰ কাৰ্য্যসূচীত মৰিয়নি মহাবিদ্যালয়ৰ লগতে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনচেপ্ট চিনিয়’ৰ চেকেণ্ডেৰী স্কুল,তিতাবৰ, চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি কেবাখনো শিক্ষানুষ্ঠানৰ প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । মৰিয়নি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰ, বিজ্ঞান শাখাৰ শৈক্ষিক উপাধ্যক্ষ ৰাজীৱ লোচন দত্ত, বাণিজ্য শাখাৰ শৈক্ষিক উপাধ্যক্ষ ৰঞ্জন দত্ত, ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামী আদিৰ লগতে মহাবিদ্যালয়ৰ বহুসংখ্যক প্ৰবক্তা, অভিভাৱক, শুভাকাংক্ষী ৰাইজ অনুষ্ঠানটোত উপস্থিত থাকে ।

You might also like