নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি; জাহাজ আৰ্হিত ভেলাঘৰ নিৰ্মাণ ধেনুখণাত

নিয়মীয়া বাৰ্তা,৯ জানুৱাৰী: পদূলিমুখত হেঁপাহৰ ভোগৰ উৎসৱ ভোগালী বিহু।চেনেহৰ ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক উচাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ ব্যস্ততাৰ যেন অন্ত নাই গাঁৱৰ জীয়ৰী-বোৱাৰীৰ ৷ পিঠা-পনাৰ প্ৰস্তুতিৰ বাবে আখলত বাঢ়িছে ব্যস্ততা ৷ গাঁৱৰ ডেকা-বুঢ়া একত্ৰিত হৈ আটক ধুনীয়াকৈ সাজি উলিয়াইছে ভেলাঘৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাইজে ৷ঢকুৱাখনাৰ ধেনুখণা পথাৰত ৰাজহুৱাভাৱে ভোগালী বিহু উদযাপনৰ বাবে দিনে-নিশাই প্ৰস্তুতিত লাগিছে স্থানীয় ৰাইজ ৷ধেনুখণা গাঁৱৰ মাজ চুক আৰু নৈ চুকৰ ৰাইজে সন্মিলিত প্ৰচেষ্টাৰে উৰুকাৰ নিশা আনন্দ স্ফুৰ্তি কৰাৰ উদ্দেশ্য, একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে সাজি উলিয়াইছে এক বিশেষ আৰ্হিৰ ভেলাঘৰ ৷ সাতামপুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলা সকলো ব্যস্ত ভেলাঘৰ বনোৱাত। বাৰিৰ বাঁহ আৰু পথাৰৰ নৰাৰে গাঁওখনত নিৰ্মাণ কৰি উলিয়াইছে জাহাজৰ আৰ্হিত এটা ভেলাঘৰ।এই বৃহৎ আকাৰৰ জাহাজখনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে ।তাৰ মাজতে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি আনন্দত মতলীয়া হৈ পৰিছে গাঁওখনৰ যুৱক যুৱতী। সুদৃশ্যমান বিশালকায় জাহাজখন সাঁজি উলিয়াবলৈ বিগত এটা পষেকজুৰি গাঁওখনত চলিছিল এক যুদ্ধকালীন প্ৰস্তুতি। উৰুকাৰ নিশা এই ভেলাঘৰতে গাঁওবাসীয়ে লগে ভাগে খাব ভোজ । আনহাতে,গাঁৱৰ ডেকা-বুঢ়া,জীয়ৰী-বোৱাৰী সকলোৱে ভেলঘৰৰ বাকৰিত একেলগে কামৰ মাজতে বিহু গীতত গাই নাচি আনন্দত আত্মহাৰা হৈ পৰিৱেশ জীপাল কৰি তুলিছে । মহিলা সকলে পথাৰৰ মাজতে আৰম্ভ কৰিছে নানা ধৰনৰ সু-স্বাদু পিঠা বনোৱাৰ কামো। ইফালে উৰুকাৰ পুৱা ভেলাঘৰৰ প্ৰাংগণত যুৱসকলে আয়োজন কৰিছে পৰম্পৰাগত বিভিন্ন খেল-ধেমালি।

You might also like