নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলঙৰ বাকৰি নেহৰুবালিৰ ভোগালী বিহু উৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত ১৩জানুৱাৰীৰ পৰা ৬দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১০৯সংখ্যক ভোগালী বিহু উৎসৱৰ আজি বিয়লি সামৰণি পৰে।সদৌ নগাওঁ ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বিহু উৎসৱৰ দিনকেইটাত কবিতা আবৃত্তি,উৰুলী,নিচুকনী গীত, বিয়ানাম, মহিলাৰ পৰম্পৰাগত সাজ-পাৰ, জ্যোতি সংগীত,ৰাভা সংগীত,খগেন মহন্ত সংগীত, ভূপেন্দ্ৰ সংগীত, আধুনিক গীতৰ প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালি আৰু চাইকেল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।ভোগালী বিহু উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আত্মসহায়ক গোটৰ মেলা অনুষ্ঠিত কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰীসমূহ গোটৰ বিপনী সমূহত বিক্ৰী কৰা হয়। আত্মসহায়ক গোটসমূহৰ বিপণীত গ্ৰাহকৰ যথেষ্ট ভীৰ পৰিলক্ষিত হয়।এই বিপনী সমূহত বিক্ৰীৰ হাৰ আশাপ্ৰদ আছিল। আজি ছয় দিন ধৰি এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰা কলঙৰ বাকৰি নেহৰুবালি আজি ভোগালী উৎসৱৰ সামৰণি পৰাৰ লগে লগে নিজম পৰে।কভিড জনিত পৰিস্থিতিৰ বাবে এইবাৰ ভোগালী বিহু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানকে ধৰি কেইবাটাও অনুষ্ঠান বাতিল কৰিব লগা হয়। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি বটা প্ৰদান কৰা হ’য়।

You might also like