নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰ তিনিআলি উন্নয়ন সমিতিৰ বান সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা, ১জুলাইঃ  বানত দুৰ্বিসহ জীৱন যাপন কৰা বানাক্ৰান্ত সকলক সাহায্য সামগ্ৰী বিতৰণ কৰি কিছু আনুষ্ঠানে দুখৰ সমভাগী হৈছে। কলিয়াবৰ তিনিআলি উন্নয়ন সমিতিৰ বিষয়ববীয়া সকলে কালি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নামবৰ লালুংগাও পঞ্চায়ত এলেকাৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।সমিতিৰ সভাপতি প্ৰশান্ত শইকীয়া,সম্পাদক অপূৰ্ব বৰদলৈৰ লগতে বুবুল বৰা, নাৰায়ণ ভৰালী,ৰাজু দত্ত, গিৰিকান্ত শইকীয়া, সাধন বৰদলৈ সহ এটা প্ৰতিনিধি দলে বানাক্ৰান্তৰ মাজত যথাসাধ্য খাদ্য সামগ্ৰী।বিতৰণ কৰে।উল্লেখ যে কলিয়াবৰ উন্নয়ন।সমিতিয়ে বিভিন্ন সময়ত দুৰ্গত লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে।

You might also like