নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত বাৰ্মিজ ছুপাৰি চোৰাং কাৰবাৰত জড়িত গাঁও পঞ্চায়ত সভাপতিসহ ৫জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: নাটকীয় ভাবে ধৰা পৰিল বাৰ্মিজ ছুপাৰি চোৰাং কাৰবাৰত জড়িত থকাৰ অভিযোগত গাওঁ পঞ্চায়ত সভাপতি সহ ৫ গৰাকী ব্যক্তি । বুধবাৰৰ দিনা শিলচৰ ৰাঙ্গিৰখাড়ি আৰক্ষীয়ে এই ৫ গৰাকী বাৰ্মিজ ছুপাৰিৰ চোৰাং ব্যবসায়ীক গ্ৰেপ্তাৰ কৰে । আজি তেওঁ লোকক গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰা হৈছে । গ্ৰেপ্তাৰ ৫ গৰাকী হ’ল আবুল হুছেইন লস্কৰ ,ছাহাজান আহমেদ‌ বড়ভুইয়া ,আইনুল হক মজুমদাৰ , ৰফিকুল হক বৰভূঞা আৰু জয়নুল হক লস্কৰ ।ৰফিকুল হক বৰভূঞা হ’ল সোনাই বিধানসভা সমষ্টিৰ ছৈয়দপুৰ গাওঁ পঞ্চায়ত সভাপতি ।যোৱা ২২ ডিচেম্বৰৰ দিনা শিলচৰ নেচনেল হাইৱেত ৪ খন ছুপাৰিৰ ট্ৰাক জব্দ কৰিছিল ৰাঙ্গিৰখাড়ি আৰক্ষীয়ে । ট্ৰাকৰ পৰা ৪০ কুইন্টাল বাৰ্মিজ ছুপাৰি উদ্ধাৰ হৈছিল । কিন্তু সেই সময়ত ট্ৰাকৰ কোন চালক ,হেন্ডিমেন বা মালিকৰ সন্ধান পোৱা নাই ।বুধবাৰ এই ৫ গৰাকী থানাৰ পৰা ট্ৰাক লৈ যোৱাৰ বাবে আদালতৰ অনুমতি লৈ ৰাঙ্গিৰখাড়ি থানাত উপস্থিত হৈছিল । তাৰ পাছতেই তেওঁ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

You might also like