নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অমিত শ্বাহক জনাব ড০ শর্মা–চাংমাই

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ দীর্ঘদিনীয়া অসম–মেঘালয়ৰ সীমা বিবাদৰ সমস্যা ইতিবাচক দিশেৰে সমাধানৰ পথত অগ্রসৰ হৈছে৷ দুই ৰাজ্যৰ ৬টা স্থানৰ বিবাদ সম্পর্কত ইতিমধ্যে গঠিত আঞ্চলিক পর্যায়ৰ কমিটীয়ে দাখিল কৰা চূড়ান্ত প্রতিবেদন দুয়োখন ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে অনুমোদন জনায়৷ কাইলৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সীমা সমস্যা নিষ্পত্তিৰ ক্ষেত্রত তেওঁলোকৰ আগ্রহৰ বিষয়ে অৱগত কৰিব৷

উল্লেখ্য যে বুধবাৰে হাফলঙত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে চুবুৰীয়া ৰাজ্য মেঘালয়ৰে থকা সীমা বিবাদ সম্পর্কত ৬টা স্থানৰ ক্ষেত্রত ইতিমধ্যে ওলোৱা সমাধান সূত্রত অনুমোদন জনায়৷ বৈঠকখনত তিনিখন আঞ্চলিক কমিটীয়ে সেই সম্পর্কত দিয়া প্রতিবেদন আৰু পৰৱর্তী পর্যায়ত সর্বদলীয় বৈঠক, ছাত্র সংগঠনকে ধৰি বিভিন্ন পক্ষৰে হোৱা আলোচনাৰ সবিশেষ অৱগত কৰে৷ কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই বিষয়ে প্রকাশ কৰি কয় যে কাইলৈ তেওঁ আৰু মেঘালয়ৰ মুখ্যমন্ত্রীয়ে দুয়োখন ৰাজ্য চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্তৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰিব৷ দুয়োখন ৰাজ্য চৰকাৰে তেওঁলোকৰ আগ্রহৰ বিষয়ে কেন্দ্রক অৱগত কৰাৰ পাছত ভাৰত চৰকাৰে সেই বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব৷

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰে চলি অহা সীমা বিবাদ নিষ্পত্তি সম্পর্কত কালি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ অসম বিধানসভাৰ প্রতিটো ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে ৰাজ্য চৰকাৰৰ পদক্ষেপক প্রতিটো দলে আদৰণি জনায়৷ সীমা বিবাদক কেন্দ্র কৰি দুয়োখন ৰাজ্যই তিনিজনকৈ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰি দিছিল তিনিখন কমিটী৷ এই তিনিওখন কমিটীয়ে বিবদমান স্থানসমূহ পৰিদর্শন কৰি একোখনকৈ প্রতিবেদন দাখিল কৰিছিল৷ অসম চৰকাৰৰ হৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু পীয়ূষ হাজৰিকাই দাখিল কৰা এই প্রতিবেদন মেঘালয় চৰকাৰক ইতিমধ্যে প্রদান কৰা হৈছে৷ একেদৰে মেঘালয় চৰকাৰেও গঠন কৰা তিনিখন কমিটীৰ প্রতিবেদন অসম চৰকাৰক দাখিল কৰা হৈছিল৷ এই প্রতিবেদনৰ ভিত্তিতেই ১২টা স্থানৰ ভিতৰত ৬টা বিবদমান স্থানৰ সীমা নির্ধাৰণ কৰাৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই ঐকমত্যত উপনীত হৈছে৷ অসমে মেঘালয়ৰ পৰা ১৮.৫১ বর্গকিলোমিটাৰ ভূমি লাভ কৰাৰ বিপৰীতে মেঘালয়ক অসমে এৰি দিব ১৮.২৯ বর্গকিলোমিটাৰ ভূমি৷ আজিৰ ৰাজ্যিক কেবিনেটত এই বিষয়টো অনুমোদন হোৱাৰ লগে লগে ৬ স্থানৰ সীমা বিবাদ নিষ্পত্তিৰ দিশে অগ্রসৰ হোৱাটো স্পষ্ট হৈ পৰিছে৷ ইফালে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই টুইটাৰত উল্লেখ কৰা অনুসৰি মেঘালয় চৰকাৰৰ কেবিনেটে অসমৰে ৬ স্থানক লৈ থকা সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত তিনি আঞ্চলিক কমিটীয়ে দিয়া পৰামর্শাৱলীত অনুমোদন জনায়৷ কাইলৈ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এই বিষয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰিব৷

You might also like