নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফলঙত অনুষ্ঠিত কেবিনেটত কি কি সিদ্ধান্ত? চাওক সৱিশেষ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত গুৱাহাটীৰ পৰা নিলগত পাৰ্বত্য অঞ্চল হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হয়। ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ এনধৰণৰ-
  • দীৰ্ঘ দিন ধৰি চলি অহা অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী পৰ্য্যায়ৰ বৈঠক, দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ কেইবালানিয়ো আলোচনা, যোৱা কালি অনুষ্ঠিত হোৱা ৰাজনৈতিক দল-ছাত্ৰ সংগঠন, স্বায়ত্ব শাসিত পৰিষদ আদিৰ সৈতে হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা কালিলৈ অসম আৰু মেঘালয় দুয়ো ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক এই সিদ্ধান্ত সম্পৰ্কে অৱগত কৰি বিবাদমান ছয় স্থানৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাব।
  • অহা ২৪ জানুৱাৰী তাৰিখে প্ৰদান কৰিব লগা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান সম্পৰ্কে আজিৰ কেবিনেটত পুঙ্খানুপুঙ্খ ভাৱে আলোচনা কৰা হয় আৰু অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে মাননীয় মন্ত্ৰী সকলৰ মাজত বিভিন্ন দায়িত্ব অৰ্পণ কৰা হয়।
  • আজিৰ কেবিনেটে মৰিগাঁও মহাবিদ্যালয় আৰু শুৱালকুচি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত নতুনকৈ বাণিজ্য শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মৰিধল মহাবিদ্যালয়(ধেমাজি) আৰু ভৱানীপুৰ কলেজ, শালবাৰী মহাবিদ্যালয়, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বচুগাঁও মহাবিদ্যালয়, বিবি কৃশান মহাবিদ্যালয়, মাধৱচন্দ্ৰ দাস মহাবিদ্যালয় এই আঠখন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।
  • আজিৰ কেবিনেটে শিলচৰত ২১৪ কোটি টকা ব্যয়েৰে শিলচৰত এখন নতুন চিৰিয়াখানা স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰে। অত্যাধুনিক এই চিৰিয়াখানাত জীৱ-জন্তু সমূহক বন্দী কৰি নাৰাখি মুকলিকৈ ৰখা হব।
  • অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহৰ অধ্যাপক-অধ্যাপিকা সকলৰ সময়মতে পদোন্নতিৰ ক্ষেত্ৰত খালি পদৰ অভাৱত সন্মুখীন হোৱা বাধা নাইকিয়া কৰিবৰ বাবে মেডিকেল কাউন্সিলৰ নিয়ম অনুসৰি পদোন্নতি দিব পৰাকৈ “Assured Career Promotion Scheme”ৰ আৰম্ভণি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আঁচনি অনুসৰি পদ খালি নাথাকিলেয়ো নিৰ্দিষ্ট সময়ৰ মূৰত অধ্যাপক-অধ্যাপিকা সকলে নিশ্চিত পদোন্নতি লাভ কৰিব।
  • অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ আজিৰ কেবিনেটে মৰাণ স্বায়ত্ব শাসিত পৰিষদ, মটক স্বায়ত্ব শাসিত পৰিষদ, বড়ো-কছাৰী ৱেলফেয়াৰ স্বায়ত্ব শাসিত পৰিষদ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী বিধি সমূহত অনুমোদন জনাই।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ তথা ডিমা-হাছাও জিলাৰ বাবে বিশেষ সিদ্ধান্ত:-
ক) স্বায়ত্ব শাসিত পৰিষদ খনে নিয়মীয়াকৈ দৰমহা প্রদানৰ ক্ষেত্ৰত সম্মুখীন হোৱা অসুবিধা নিৰ্মূল কৰিবৰ বাবে এতিয়াৰে পৰা পৰিষদৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰায় ১০০ গৰাকী বিষয়াৰ দৰমহা প্ৰদানৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত সঞ্চিত ধনৰাশি আন কৰ্মচাৰী সকলক নিয়মিত দৰমহা দিয়াৰ ক্ষেত্ৰত পৰিষদে ব্যৱহাৰ কৰিব।
খ) হাফলঙত নিৰ্মীয়মান(আজি মুকলি হব লগা) ষ্টেডিয়ামৰ আন্তঃগাঁথনি আৰু অধিক সুন্দৰকৈ নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে অতিৰিক্ত ২০ কোটি টকা অনুমোদন জনায়।
গ) হাফলং চহৰৰ নিবাসী সকলৰ পানীৰ সমস্যা সমাধানৰ বাবে আজিৰ কেবিনেটে ১১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগা পানী যোগান আঁচনিৰ অনুমোদন জনোৱা হয়।
ঘ) প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা-হাছাওকৈ “Vistadome” ট্ৰেইন যোগে তথা আন মাধ্যমেৰে অহা ক্ৰমাৎ বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি উমৰাংছু, হাফলং আৰু পানীমৰা অঞ্চলত পৰ্যটক সকল থাকিব পৰাকৈ অসম ৰাজ্যিক পৰ্যটন নিগমৰ দ্বাৰা পৰ্যটন আন্তঃগাঁথনি (Tourism Infrastructure) নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ অনুমোদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পৰ্যটন ক্ষেত্ৰ সমূহক UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান পাবলৈ পুৰাতত্ব বিভাগক সূক্ষ্ম ভাৱে কাম কৰিবলৈ অনুৰোধ জনোৱা হব।
You might also like