নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপত নাহাৰফুটুকীৰ আক্ৰমণত আহত কৃষক

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি বন্যজন্তু আৰু মানৱ সংঘাত

গুৱাহাটী ১৮ নৱেম্বৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তু আৰু মানৱ সংঘাত। সোমবাৰে পুৱাই কামৰূপ জিলাৰ দদৰাত পথাৰত কাম কৰি থকা অৱস্থাত এজন কৃষকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি গুৰুত্বভাৱে আহত কৰে। কৃষক জনৰ নাম পৰমেশ্বৰ বৈশ্য। তেওঁৰ এম এম চি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে মলং আৰু আজ্ঞিয়াঠুৰি পাহাৰত চলি থকা অবাধ বন ধ্বংসৰ বাবে ক্ৰমে বন্যজীৱ জন্তু জনাঞ্চললৈ নামি অহা দেখা গৈছে।