নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ গ’লে লাভ কৰিব ‘ফ্ৰী ইন্ধন’!

নিউজডেস্ক, ১৮ নৱেম্বৰঃ ৰাছিয়াত সংঘটিত এক ঘটনাই সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । উল্লেখ্য যে ৰাছিয়াৰ চামাৰাস্থিত “অলভি গেছ ষ্টেচন” নামৰ পেট্ৰ’ল পাম্পটোৰ অধিক চাহিদা তথা উপাৰ্জনৰ বাবে স্বতাধিকাৰীয়ে কোনো ব্যক্তিয়ে বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ গ’লে বিনামূলীয়া ইন্ধন লাভ কৰাৰ এক বিজ্ঞাপন প্ৰকাশ কৰিছিল । কিন্তু তাৰ পাছতেই যি ঘটনা সংঘটিত হ’ল তাক লৈ অবাক হৈ পৰিল খোদ পেট্ৰ’ল পাম্পটোৰ স্বতাধিকাৰীজন । কাৰণ এই বিজ্ঞাপনটোত বিকিনি পিন্ধি মহিলা অথবা পুৰুষ যোৱাক লৈ একো স্পষ্টভাৱে উল্লেখ নাছিল । যাৰ বাবে কেইবাজনো পুৰুষে বিকিনি পিন্ধি বিনামূলীয়া ইন্ধনৰ সুবিধা ল’বলৈ সেই নিৰ্দিষ্ট পেট্ৰ’ল পাম্পটোত উপস্থিত হয় । কিন্তু এই ঘটনাই এক নতুন মোৰ লোৱাত পেট্ৰ’ল পাম্পটোৰ স্বতাধিকাৰীজনে এই সুবিধাৰ সময়সীমা ৩ ঘণ্টাৰ বাবে হ্ৰাস কৰিবলৈ বাধ্য হৈ পৰে । যি কি নহওক পেট্ৰ’ল পাম্পটোৰ ‘মাৰ্কেটিং ৰণনীতি’ক লৈ এতিয়া সৰৱ চৰ্চা চলিছে ।

You might also like