নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালীপুখুৰী হাইস্কুলত বৰ্ণাঢ্য নৃত্য-গীতেৰে কমিউনিটি ফেষ্টিভেলৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত কালীপুখুৰী হাইস্কুল । এই হাইস্কুলত ২৭ আৰু ২৮ নভেম্বৰত দুদিনীয়াকৈ কমিউনিটি ফেষ্টিভেল অনুষ্ঠিত হয় । প্ৰথম দিনা পতাকা উত্তোলন কৰাৰ বিপৰীতে দ্বিতীয় অৰ্থাৎ আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । কোঁচৰাজবংশী, বড়ো আৰু অসমীয়া নৃত্য প্ৰৰ্দশন কৰা হয় অনুষ্ঠানটিত । আনহাতে অনুষ্ঠানটিত একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱিকাও দলীয় নৃত্যত অংশ গ্ৰহণ কৰি পৰিবেশটিক আনন্দ মুখৰ কৰি তোলে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চহেন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী মাতেন চন্দ্ৰ ৰাজবংশী ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাক উদ্দেশ্যি বক্তব্য দাঙি ধৰে । অনুষ্ঠানটিৰ আঁতধৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ ৰায়ে জনসাধাৰণক বিদ্যালয়ত জড়িত কৰোৱা, ওচৰ চপাই অনা আদিৰ উদ্দেশ্যে কমিউনিটি ফেষ্টিভেলৰ আয়োজন কৰা হয় বুলি কয় ।

 

ভৃগু মুনি ৰায়, বাসুগাঁও ।

You might also like