নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অসম বিধানসভাৰ শিক্ষা বিষয়ক স্থায়ী সমিতিৰ সাতজনীয়া বিধায়কৰ দল

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: আজি অসম বিধানসভাৰ শিক্ষা বিষয়ক স্থায়ী সমিতিৰ এটি দল ধুবুৰীত উপস্থিত হৈছে। বিধায়ক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অহা দলটোত বিধায়ক আশ্ৰাফুল ইছলাম, আফতাব উদ্দিন মোল্লাহ , আব্দুৰ ৰসিদ মণ্ডলকে ধৰি অসম বিধানসভাৰ মুঠ সাতগৰাকীকৈ বিধায়ক আছে। ইতিমধ্যে দলটোৱে ধুবুৰীৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীকে ধৰি সেইখনৰ প্ৰবক্তা আৰু পৰিচালনা সমিতিৰ সদস্যৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে,অসম বিধানসভাৰ শিক্ষা বিষয়ক স্থায়ী সমিতিৰ সেই দলটোৱে ধুবুৰী চহৰৰ মাজমজিয়াৰ ২৩৬৫ নং শিশু কল্যান প্ৰাইমাৰী আৰু প্ৰি-প্ৰাইমাৰী বিদ্যালয়ত উপস্থিত হৈ সেইখনৰ শৈক্ষিক আৰু বিভিন্ন দিশৰ বুজ লয়। আজি বিয়লিৰ ফালে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ কামৰ বুজ লোৱাৰ বাবে জিলা উপায়ুক্ত দিৱাকৰ নাথৰ উপস্থিতিত জিলাখনৰ শিক্ষা বিভাগৰ বিষয়–ববীয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে দলটোৱে আৰু এই বাতৰি পঠিওৱালৈ সেই বৈঠকখনৰ সমাপ্তি ঘটা নাই।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,

You might also like