নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিকৰ্মৰে উজলিছে ঢকুৱাখনাৰ মহিলা : ১২ বিঘা মাটিত সৰিয়হৰ খেতি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পুৰুষতকৈ কোনো গুণে কম নহয় আজিৰ অসমীয়া মহিলা। পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পাৰে আজিৰ নাৰীয়ে। নিজকে পাকঘৰতে আবদ্ধ কৰি নাৰাখি পুৰুষৰ সমানে সমানে কৃষি কৰ্মত আত্মনিয়োগ কৰি ভৱিষ্যতৰ সোণালী সপোন ৰচিছে ঢকুৱাখনা মহকুমাৰ সাপতীয়া গাঁৱৰ ১০গৰাকীকৈ উদ্যমী মহিলাই।। যি সময়ত কৰ্ম সংস্থাপনৰ বাবে যুৱক-যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে তেনে সময়তে ঢকুৱাখনাৰ হাৰ্হি পঞ্চায়তৰ সাপতীয়া গাওঁৰ ১০ গৰাকী মহিলাই কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকী নাৰীৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে। পাকঘৰতে নিজকে আবদ্ধ নাৰাখি ৰাষ্ট্রীয় গ্রামীণ জীৱিকা অভিযান ঢকুৱাখনা খণ্ডৰ অধীনত ২০১৮ চনত ৰাধিকা নামেৰে এটা আত্মসহায়ক গোট গঠন কৰে গাঁওখনৰ দিপামনি শইকীয়া, ৰিংকু বৰা গোহাঁই, স্বপ্না বৰা, অঞ্জু বেজবৰুৱা,মনি বৰা,উৰ্মিলা শইকীয়া,লিমি গগৈ,ৰেণু শইকীয়া,কবিতা সোণোৱাল আৰু মণি হিলৈদাৰীয়ে। ৰাধিকা আত্মসহায়ক গোটৰ এইকেইগৰাকী মহিলাই ৰাষ্ট্রীয় গ্রামীণ জীৱিকা অভিযানৰ সহযোগত বেংকৰ পৰা পোৱা ঋণ আৰু নিজৰ সাচতীয়া ধনেৰে ১২ বিঘা মাটিত প্ৰায় ১৫ হেজাৰ টকা খৰচ কৰি তৃতীয় বাৰৰ বাবে কৰিছে সৰিয়হৰ খেতি।এই ১০গৰাকী মহিলাই পুৱাই ঘৰৰ সকলো কাম বন সমাপন কৰি দিনটো সৰিয়হ বাৰীত কৰা কষ্ট, ত্যাগ আৰু শ্ৰমৰ ফলত বৰ্তমান লহপহকৈ বাঢ়ি অহা ফলে ফুলে জাতিস্কাৰ হোৱা সৰিয়হ ডৰা এতিয়া চালে চকুৰোৱা হৈছে। অনেক প্ৰতিবন্ধকতা আৰু সীমাবদ্ধতাৰ মাজৰে কৰা এই সৰিয়হ খেতি আৰু ২০-২২ দিনত চপাই অতি কমেও এক লাখৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত লাভৰ আশা দেখিছে। ইয়াৰ উপৰিও তেওঁলোকে প্ৰতিবছৰে আন আন ৰবি খেতি কৰিও উপার্জন কৰিবলৈ সক্ষম হৈছে।আজৰি সময়ত সামাজিক মাধ্যম বা অনলাইন শ্বপিঙত ব্যস্ত নাথাকি এনেকৈ কৃষি কৰ্মত জপিয়াই পৰা দেখি উৎফুল্লিত হৈ মহিলাসকলক পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকৰ স্বামী তথা পৰিয়ালৰ সদস্য সকলে ।কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাবলম্বী হোৱাৰ দিশে এখোজ এখোজকৈ আগুৱাই যোৱা মহিলা দলটোৰ সাফল্যত এতিয়া গৌৰাৱান্বিত অঞ্চলটোৰ প্ৰতিজন লোক। ঘৰৰ চাৰি বেৰৰ মাজৰ পাকঘৰতে আবদ্ধ নাথাকি এইসকল পৰিশ্ৰমী মহিলাৰ প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে আন দহ গৰাকী মহিলাৰ বাবে এক আদৰ্শ হওক তাকে এতিয়া সকলোৱে কামনা কৰিছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like