নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহনীয়াৰ প্ৰতিবাদত মাজুলীৰ বনগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : মাজুলীৰ বান-খহনীয়াৰ অতি স্পৰ্শকাতৰ শালমৰা অঞ্চলত হৈ থকা ব্যাপক খহনীয়া সমস্যা সমাধানৰ দাবীত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি বনগাঁও চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামী ,সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মা ,উপ-সভাপতি দীপক নেওগ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী আৰু মাজুলী জিলাৰ উপায়ুক্তলৈ পৃথকে ১০ দিনৰ সময় সীমা বান্ধি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কাকুমণি কলিতাই আঁত ধৰা কাৰ্যসূচীত পূব মাজুলী আঞ্চলিক সভাপতি ভাস্কৰ শইকীয়া, সাধাৰণ সম্পাদক প্ৰান্তু চাহু, মাজুলী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যদুমণি হাজৰিকা, মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,বনগাওঁ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , খহনীয়াগ্ৰস্ত অঞ্চলৰ ৰাইজ আৰু বনগাওঁ অঞ্চলৰ ব্যক্তিসহ প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like