নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ সমাজ গঢ়াৰ সপোনেৰে নিচামুক্তি কেন্দ্ৰৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী, ড্ৰাগছ আসক্ত ৮ যুৱক ৰ সপোন আছিল নিচামুক্ত সমাজ গঢ়াৰ। তাৰেই ফলত ৮ যুৱকে এতিয়া নিজেও ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ আন দহ জনক ড্ৰাগছ ৰূপী বৰবিহৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ ২০১৮ বৰ্ষৰ পৰা আৰম্ভ কৰিছিল গুঞ্জ নামৰ সংস্থাটো। নগাঁৱৰ পিছত এইবাৰ মৰিগাঁৱত আজি শুভাৰম্ভ কৰা হয় গুঞ্জ নামৰ এই নিচামুক্তি কেন্দ্ৰটো।

উল্লেখ্য যে এসময়ত ড্ৰাগছৰ কবলত পৰি জীৱনৰ সকলো ৰং হেৰুৱাই পেলোৱা মুহি মজুমদাৰ নামৰ যুৱকজনে নিজৰ নেৰানেপেৰা চেষ্টাৰ জৰিয়তে আজি সম্পূৰ্ণ ৰূপে ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ এই সংস্থাটো আৰম্ভ কৰে।

এই সংস্থাৰ লগত জড়িত প্ৰতিজন যুৱকেই এটা সময়ত ড্ৰাগছ আসক্ত আছিল। ড্ৰাগছ ভয়াৱহতা এওঁলোকৰ প্ৰতিজনে জানে। সেয়ে ওলাই আহিছে নতুন প্ৰজন্মৰ বাবে কিছু কৰিবলৈ। মৰিগাঁৱৰ সোণাৰিগাঁৱত আজি এই সন্থাটিৰ এটি শাখা মুকলি কৰা হয়।

সমাজসেৱক শিক্ষক আজগৰ আলীৰ সঞ্চালনাত এই উদ্দেশ্য আজি অনুষ্ঠিত সভাত উপস্থিত থাকে মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা মণিমালা শইকীয়া, চক্ৰ সংগঠক দিগন্ত কলিতা, জ্যেষ্ঠ সাংবাদিক ৰিতুমণি মহন্ত।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like