নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ উদ্যােগ; দুকুৰি চাৰিজন কীৰ্তিমানক অভিনন্দন

নিয়মীয়া বাৰ্তা,৩১ জুলাইঃ গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ তৰফৰ পৰা বিভিন্ন সময়ত সমাজৰ ইতিবাচক দিশবোৰৰ ওপৰত বিশেষভাৱে সকলোকে উৎসাহিত কৰি আহিছে। আজি কল্যাণপুৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগ, ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচন মাৰ্ক লৈ উত্তীৰ্ণ হোৱা দুকুৰি চাৰিজন কীৰ্তিমান শিক্ষাৰ্থীক পঞ্চায়তৰ তৰফৰ প্ৰশংসা-পত্ৰ, কিতাপ, কলমে আৰু গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত সভাপতিত্ব কৰে কল্যাণপুৰ পঞ্চায়তৰ সভানেত্ৰী তথা বিশিষ্ট সমাজসেৱিকা লখিমী বৰদলৈয়ে। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ৰঞ্জিৎ বৰঠাকুৰ, টংলা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক চন্দন বৰুৱা, বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক শংকৰলাল আগৰৱালা, মধ্যছয়দুৱাৰ হাইস্কুলৰ শিক্ষক মাধৱ গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক নগেন শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন ভূঞা, ডিপৰা ভীম বাহাদুৰ হাইস্কুলৰ প্ৰধান শিক্ষক চেৰবাহাদুৰ ছেত্ৰী, সহঃকাৰী শিক্ষক ৰূপম হাজৰিকা,সমাজকৰ্মী নিৰন হাজৰিকা, আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক প্ৰজ্ঞাণ ভূঞা, শিক্ষক দেবেন শইকীয়াকে ধৰি বহুতো শিক্ষাবিদ উপস্থিত থাকে। সভাত সম্বৰ্ধনা জ্ঞাপন কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিশিষ্ট ব্যক্তিসকলে ইতিবাচক ভাষণ প্ৰদাণ কৰে।

বিপুল কুমাৰ দিহিঙীয়া

You might also like