নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ব্ৰয়লাৰ মুৰ্গীৰ মাংস বিক্ৰী অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰাৰ হুংকাৰ স্থানীয় খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীৰ

  • আজিৰ দেওবাৰৰ দিনটোত চহৰখনৰ নিউ মাৰ্কেটৰ মূল বজাৰত নাই ব্ৰয়লাৰ মাংস
  • অসম–বংগ সীমান্তৰ ছাগলীয়াত প্ৰতিখন ব্ৰয়লাৰবাহী বাহনৰ পৰা দালাল চক্ৰই প্ৰতি ট্ৰিপত ১২,৫০০ টকাৰ গুণ্ডা টেক্স সংগ্ৰহ কৰি থকাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ আজিৰ পৰা অনিৰ্দিষ্ট কালৰ পৰা  ব্ৰয়লাৰ মাংস বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ধুবুৰীৰ ব্ৰয়লাৰ মুৰগীৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলে। দেওবাৰৰ আজিৰ বন্ধৰটো দিনটোত ব্ৰয়লাৰ মাংসৰে এসাজ ভাত খোৱাৰ পৰিকল্পনৰে  চহৰখনৰ নিউ মাৰ্কেটস্থিত মূল বজাৰত উপস্থিত হোৱা বহু গ্ৰাহকে  ব্ৰয়লাৰ মাংসৰ দোকানৰ এখনতো ব্ৰয়লাৰ মুৰগী নাপাই বিমুখ হ’বলগীয়া হৈছে।  স্থানীয় খুচুৰা  ব্ৰয়লাৰ মুৰগীৰ দোকানীৰ অভিযোগ অনুসৰি অসম–বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়াৰে অসমলৈ অহা প্ৰতিখন ব্ৰয়লাৰভৰ্তি বাহনৰ পৰা প্ৰতি ট্ৰিপত ধন দাৱী কৰিবলৈ লৈছে এটা দালাল চক্ৰই।  আনকি  প্ৰতিখন ব্ৰয়লাৰ মুৰগী  বাহনক দাৱী কৰা ১২,৫০০ টকাকৈ ধন দাৱী কৰা  সেই চক্ৰটোৱে ধন নিদিলে এমভিআইৰ জৰিয়তে  ফাইন কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰে বুলিও চাঞ্চল্যকৰ অভিযোগো কৰিছে তেওঁলোকে। সেই দালাল চক্ৰটোৱে দাৱী কৰা ধন দিবলৈ অক্ষমতা প্ৰকাশ কৰি অনিৰ্দিষ্ট কাললৈ ব্ৰয়লাৰ মুৰগী বিক্ৰি নকৰাৰো সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে ধুবুৰীৰ সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলে।

ধুবুৰীৰ সেই  খুচুৰা ব্ৰয়লাৰ মুৰ্গীৰ ব্যৱসায়ীসকলৰ অনুৰূপে ব্ৰয়লাৰৰ স্থানীয় পাইকাৰী ব্যৱসায়ীসকলেও কৰিছে  অনুৰূপ অভিযোগ। আজি এক সংবাগমেল যোগে ধুবুৰীৰ ব্ৰয়লাৰ চিকেন সন্থাই (Broiler Chicken rssociation) বিগত প্ৰায় ডেৰ মাহৰ পৰা এইদৰে ধন দাৱী কৰা আৰম্ভ হোৱা বুলি সদৰি কৰিছে। বিষয়টো লৈ ধুবুৰীস্থ পৰিবহন বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো সুফল নোপোৱাৰো  অভিযোগ  সন্থাৰ বিষয়বীয়াসকলৰ আৰু বিষয়টোৰ সমাধান নোহোৱালৈকে ব্ৰয়লাৰ মুৰগি আমদানি নকৰে বুলিও দাৱী কৰিছে তেওঁলোকে। উল্লেখ্য যে, ঘটনাটেক কেন্দ্ৰ কৰি জিলাখনৰ পৰিবহন বিভাগকে ধৰি গোলকগঞ্জ আৰক্ষীৰ এছামৰ ভূমিকাক লৈও প্ৰশ্নচিহ্ন উত্থাপিত হৈছে। জনৈক ৰবি, বাদল, জীৱন নামৰ কেইজনমান লোকৰ ছত্ৰছায়াত এইদৰে গুণ্ডাটেক্স তুলি থকা হোৱাৰো সংবাদমেলখনত  স্পষ্টভাৱে অভিযোগ  অনা হৈছে। ইপিনে বৰ্তমানে এই মূল্যবৃদ্ধিৰ সময়ত সাধাৰণ, দৰিদ্ৰ ৰাইজৰ জেপে ঢুকি পোৱা ব্ৰয়লাৰ মুৰ্গীৰ মাংসও বজাৰৰৰ পৰা অন্তৰ্ধান হোৱা হোৱা ঘটনাক লৈ ধুবুৰীৰ সৰ্বসাধাৰণৰ মাজত ভিতৰি ভিতৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে আৰু এনে প্ৰেক্ষাপটত ধুবুৰী জিলা প্ৰশাসনকে ধৰি অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে বিষয়টোলৈ তৎকালে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা থকা বুলিয়েই কিন্তু মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like