নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণোৎসৱে বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নত কৰিছেঃ বিধায়ক ৰমাকান্ত দেউৰী

নিয়মীয়া বার্তা, ২৬ মে’: ৰাজ্যৰ শিক্ষা ব্যৱস্থাত গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত গুণোৎসৱে প্ৰভূত বৰঙণি আগবঢ়াইছে। আজি গুণোৎসৱৰ অন্তিম দিনা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত হৈ মৰিগাঁৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আজি পুৱাই বিদ্যালয়খনত উপস্থিত হোৱা বিধায়ক দেউৰীক বিদ্যালয়খনৰ অধ্যক্ষ কুশ ৰাম হাজৰিকা, প্ৰবীণ শিক্ষক লেনিন ডেকা, মিলনপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক যুৱ জ্যোতি শৰ্মা আদিয়ে আদৰণি জনায়। বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে অভাৱ অভিযোগৰ বুজ লয়।

You might also like