নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত যৌন সম্পৰ্ক স্থাপন, বিমানত ছেক্স টেপ পাইলটৰ

বিশেষ বাৰ্তা, ২৬ মেঃ মাজ আকাশত দৈহিক মিলন। এটা ভিডিঅ’ই এতিয়া সকলোকে আচৰিত কৰিছে। বিমানৰ ককপিটত এগৰাকী মহিলা কেডেটৰ সৈতে ছেক্স টেপ বনোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে এজন ৰাছিয়াৰ পাইলটক। এই আচৰিত গোচৰটো ৰাছিয়াৰ ছাছ’ভ’ ফ্লাইট স্কুলৰ। য’ত ককপিটত মহিলা কেডেট আৰু পাইলটে ছেক্স টেপ বনাইছিল। দুয়োজনে ককপিটত দৈহিক মিলনো কেমেৰাত ৰেকৰ্ড কৰিছিল। কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল এই সময়ছোৱাত দায়িত্বহীনভাৱে বিমানখনক অটো পাইলট মোডত ৰাখিছিল। তথ্য অনুসৰি ২৮ বছৰীয়া পাইলটজনে আৰু কাম দিয়াৰ লালসাৰে ২১ বছৰীয়া কেডেটৰ পৰা যৌন সম্পৰ্কৰ দাবী কৰিছিল।

You might also like