নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত শতাধিক ইউপিপিএললৈ

নিয়মীয়া বার্তা, ৩ মার্চঃ বি টি চি পৰিষদীয় নির্বাচনৰ দিন এতিয়ালৈকে ঠিৰাং হোৱা নাই যদিও ৰাজনৈতিক দলসমূহ তৎপৰ হৈ উঠিছে৷ বি পি এফ, ইউ পি পি এল, বিজেপি, গণ সুৰক্ষা পার্টী, কংগ্রেছ আদি দলসমূহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷

এনে তৎপৰতাৰ মাজতে কালি গোসাঁইগাঁৱত শতাধিক লোকে ইউ পি পি এলত যোগদান কৰে৷ ইউ পি পি এলৰ যুৱ শাখাৰ উদ্যোগত তেলিপাৰাত আয়োজিত এখন সভাত আমছুৰ ১৭গৰাকী প্রাক্তন সদস্যকে ধৰি শতাধিক পুৰুষ–মহিলাই ইউ পি পি এল দলত যোগদান কৰে৷ ইউ পি পি এল দলৰ যুৱ শাখাৰ কেন্দ্রীয় সমিতিৰ সভাপতি সোমনাথ নার্জাৰী, ইউ পি পি এল দলৰ কেন্দ্রীয় উপ–সভাপতি জিৰেন বসুমতাৰী, কেন্দ্রীয় সমিতিৰ মাফুজ আনছাৰি আদি নেতাই দলত যোগদান কৰাসকলক ফুলাম গামোচাৰে আদৰণি জনায়৷

You might also like