নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ ডিলাইত অবৈধ চুপাৰিভর্তি দুখন ট্রাক জব্দ

নিয়মীয়া বার্তা, ৩ মার্চঃ চোৰাং সামগ্রী সৰবৰাহৰ বাবেও কার্বি আংলঙক সুৰক্ষিত কৰিড’ৰ হিচাপে চোৰাং ব্যৱসায়ীসকলে ব্যৱহাৰ কৰি আহিছে৷ অবৈধভাৱে সৰবৰাহ কৰা দুখন চুপাৰিভর্তি ড্রাক কালি নিশা কার্বি আংলঙৰ ডিলাই আৰক্ষীয়ে নিয়মীয়া তালাচী কালত জব্দ কৰে৷ ইউ পি ১৫ ডি টি ৩০৪৬ আৰু ইউ পি ১৫ ডিটি ৭৭৬৪ নম্বৰৰ ডিমাপুৰৰ দিশৰ পৰা আহি থকা ড্রাক দুখনত প্রায় ৫২ টন চুপাৰি আছিল বুলি এক বিশ্বস্ত সূত্রই প্রকাশ কৰিছে৷

সূত্রটো অনুসৰি এই চুপাৰিভর্তি ড্রাক দুখন অসমৰ মাজেৰে দিল্লীৰ কোনো বিশেষ ঠাইলৈ লৈ যোৱাৰ কথা আছিল৷

উল্লেখ্য যে ভাৰতৰ বজাৰত প্রতিকিলো চুপাৰিৰ মূল্য প্রায় ১৫০ টকা৷ সেই অনুসৰি প্রায় ৭৮ লাখ টকা মূল্যৰ এই চুপাৰিখিনি ডিলাই আৰক্ষীয়ে কালি নিশা জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা চুপাৰিভর্তি ড্রাক দুখন আজি ডিলাই আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে কটকটীয়া নিৰাপত্তাৰে নি খটখটীৰ ধর্ম কাটাত ওজন কৰি ডিমাপুৰৰ খেৰমহলস্থিত শুল্ক বিভাগৰ কার্যালয়ত চমজাই দিয়ে৷

উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা ড্রাক দুখনৰ চালকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি জনৈক তিমুং উপাধিৰ এজন লোকে এই অবৈধ চুপাৰিখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল৷

You might also like