নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ এখন গাঁৱত আঠ বছৰে ড্রাগ্ছ–সুৰাৰ বিৰুদ্ধে দুপৰ নিশালৈ সংগ্রাম এদল মহিলাৰ

নিয়মীয়া বাৰ্তা ৮ জুনঃ  সুৰা, জুৱা, ড্রাগছ আদিৰ বিৰুদ্ধে নিশা এপৰলৈকে ৰাজপথত পহৰা দিছে এখন গাঁৱৰ এদল সাহসী মহিলাই৷ হাতে–হাতে লাঠী, টর্চ লৈ সুৰা, জুৱা, ড্রাগছ আদিৰ বিৰুদ্ধে মাৰ্বান্ধি গাঁৱৰ মহিলাসকলে সুদীর্ঘ প্রায় আঠ বছৰে অব্যাহত ৰাখিছে নৈশ পহৰা৷ মহিলা শক্তিৰ বাবেই গাঁওখনত বিৰাজ কৰিছে এক শান্তিৰ পৰিৱেশ৷ গোৱালপাৰা জিলাৰ শিমলীতোলা নয়াপাৰা গাঁৱত সন্ধিয়াৰে পৰা নিশা এপৰলৈকে চলে মহিলা গাঁওৰক্ষী বাহিনীৰ নিশ্ছিদ্র পহৰা৷

পূর্বতে অঞ্চলটোত নিতৌ সন্ধিয়া পৰত গাঁৱৰ অলিয়ে–গলিয়ে মদ–জুৱাৰ আড্ডা বহিছিল, নিচাসক্ত কিম্বা জুৱাৰীৰ কোলাহলত বিঘ্ণিত হৈ পৰিছিল গাঁওখনৰ শান্তি, ল’ৰা–ছোৱালীয়ে সন্ধিয়া পঢ়া–শুনা পর্যন্ত ভালকৈ কৰিব পৰা নাছিল৷ উপায়বিহীন হৈ আৰক্ষীৰ সহযোগত গাঁৱত গঠন কৰা হৈছিল ‘শিমলীতোলা নয়াপাৰা মহিলা গাঁওৰক্ষী বাহিনী’৷ এই বাহিনীয়ে সুদীর্ঘ সাত–আঠ বছৰে অব্যাহত ৰাখিছে নৈমিত্তিক নৈশ পহৰা৷

সম্প্রতি গাঁওখনত বন্ধ হৈ পৰিছে মদ, জুৱাসহ সকলোধৰণৰ অসামাজিক কাম–কাজ, কিয়নো সন্ধিয়া হ’লেই গাঁৱৰ ৰাজপথত হাতে–হাতে লাঠী, টর্চ লৈ পহৰা দিয়ে এই মহিলা দলটিয়ে, দেখিলেই পহুখেদা দিয়ে নিচাসক্তসকলক৷ প্রশাসনৰ অনুমতি সাপেক্ষে গাঁওৰক্ষীৰ বেজ পিন্ধি ৰাজপথত নৈশ সান্ধ্য আইনৰ মাজতো চলাচল কৰা বাইক কিম্বা অইন যান–বাহনক মহিলা দলটিয়ে জবাবদিহিও কৰে৷

মহিলা গাঁওৰক্ষী বাহিনীয়ে সন্দেহজনক কিবা দেখিলেই নতুবা যিকোনো পৰিস্থিতিতে সঘন যোগাযোগ ৰাখে সংশ্লিষ্ট আৰক্ষীৰে৷ ৰাজ্যৰ অন্যান্য প্রান্তৰ মহিলাসকললৈও গাঁওৰক্ষী বাহিনীৰ সদস্যাসকলে নিজৰ নিজৰ অঞ্চলৰ বিঘ্ণিত শান্তি ওভতাই অনাৰ স্বার্থত এনে পহৰাৰ দিহা কৰিবলৈ আহ্বান জনাইছে৷ দলটিৰ প্রতিগৰাকী সদস্যাই যেন নিষ্কলুষ সমাজ গঢ়াত সংকল্প্বদ্ধ আৰু সাহসী, আৰক্ষীকো কৰিছে পূর্ণ অসহযোগ৷

You might also like