নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘন্টাই খোলা থাকিব বৰঝাৰ বিমানবন্দৰ; ‘প্ৰণাম’ নামৰ নতুন সেৱা মুকলি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : গুৱাহাটীৰ বৰঝাৰস্হিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কামকাজ ২৪ ঘন্টাই অব্যাহত থাকিব । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন পৰিচালনা প্ৰতিষ্ঠান GIAL-য়ে জানিবলৈ দিয়া মতে কভিডকালৰ পিছত বিমানৰ সংখ্যা আৰু বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ এক উৎসাহজনক ৰূপত বৃদ্ধি পোৱাৰ উপৰিও অদূৰ ভৱিষ্যতে শক্তিশালীৰূপত বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে। বিমানকোঠৰ কভিড নিয়ন্ত্ৰণকক্ষৰ নিৰীক্ষণ অনুসৰি, বিগত নবেম্বৰ মাহত যাত্ৰীসকলৰ ক্ষেত্ৰত, কভিডমুক্তৰ হাৰ লক্ষ্যনীয় ভাৱে বৃদ্ধি পাইছে। নবেম্বৰ মাহত প্ৰকাশ পোৱা তথ্য অনুসৰি বিমানৰ সংখ্যা প্ৰাক-কভিড কালৰ তুলনাত ৮৭ শতাংশলৈ আৰু যাত্ৰীৰ ক্ষেত্ৰত ৬০ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, দুৰ্গাপূজাৰ সময়ত এই বৃদ্ধিৰ হাৰ আছিল ৭৮ শতাংশ। যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি বিমানকোঠ পৰিচালনা প্ৰতিষ্ঠান GIAL-য়ে বিগত মাহৰপৰা গুৱাহাটী বিমানকোঠৰ পৰিচালনাৰ সময়-সীমা সপ্তাহত প্ৰতিদিনে, অহৰ্নিশে খোলা থাকিব বুলি জানিবলৈ দিয়ে। তদুপৰি যাত্ৰীসকলৰ সুবিধাৰ্থে বিমানৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ উপৰিও চৰকাৰী সেৱাসমূহ, টাৰ্মিনেল সেৱাসমূহ, বিমানত ইন্ধন যোগোৱা সেৱা, সুৰক্ষা আৰু অনান্য সা-সামগ্ৰীৰ দোকান, খাদ্য আৰু পানীয় আদি বিমানকোঠত ২৪ ঘন্টাই যাত্ৰী সকলৰ বাবে উপলব্ধ হ’ব। তাৰোপৰি, বিমানকোঠ যাত্ৰীসকলৰ বিশেষ সুবিধাৰ্থে বিমানকোঠ পৰিচালনা প্ৰতিষ্ঠানে ‘প্ৰণাম’ নামৰ এক নতুন সেৱাও সংযোজন কৰিছে।

You might also like