নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰা শাখা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশন আৰু সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ অনুষ্ঠান গ্ৰন্থ উন্মোচন

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: অসম সাহিত্য সভাৰ অন্তগত ঘিলামৰা শাখা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশন আৰু শাখাৰ সোনালী জয়ন্তী বৰ্ষ শুভাৰম্ভ অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত কৰাৰ লগতে ঘিলামৰা শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰা হয় ।
অধিবেশনত ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকাই সাহিত্য সভাৰ বাৰ্ষিক পত্ৰিকা “হাবুং” উন্মোচন কৰাৰ উপৰিও ড° কেশৱ হাজৰিকা আৰু নয়নমনি দাসৰ দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ৷ মুকলি সভাত অংশগ্ৰহন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱ কমল বড়া, নাট্য কৰ্মী হৰেণ শইকীয়া, নৰ্থ বেঙ্ক কলেজৰ অধ্যক্ষ ড° যুগল চন্দ্ৰ শইকীয়া, হাৰ্হি কলেজৰ অধ্যাপক মানৱ জ্যোতি হাজৰিকাৰ তথা ঘিলামৰা অঞ্চলৰ যথেষ্ট সংখ্যক সাহিত্যাগ্ৰহী ৰাইজ ।

You might also like