নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২০৮ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

  • কৰ্তব্য পৰায়ণতাৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান
  • তৃতীয় বৰ্গৰ চাকৰিৰ বাবে হ’ব আন এক পৰীক্ষাঃ মুখ্যমন্ত্ৰী
  • স্বাস্থ্য বিভাগতো নিযুক্তি হ’ব ১২ হাজাৰ পদতঃ মুখ্যমন্ত্ৰী

 

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুঠ ১২০৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ইয়াৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১১৩৬ গৰাকী প্ৰাৰ্থী আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত ৭২ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তিপত্ৰ লাভ কৰিছে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ এই দিনটো অতিশয় আনন্দ আৰু পৱিত্ৰ দিন বুলি অভিহিত কৰি কয় যে আৰ্থিক অৱস্থাৰ দিশৰ পৰা দুই ধৰণৰ যুৱক-যুৱতীয়ে ইয়াত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে, স্বাস্থ্য বিভাগৰ মূল চালিকা শক্তি হৈছে মানৱ সম্পদ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত আজি ১১৩৬ গৰাকী ষ্টাফ নাৰ্চে নিযুক্তিপত্ৰ লাভ কৰাৰ ফলত ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডই এক বিশেষ গতি লাভ কৰাৰ লগতে দুৰ্ভগীয়া ৰোগীসকলৰ বাবে আনন্দৰ বাতৰি কঢ়িয়াই আনিব৷ স্বাস্থ্যসেৱা খণ্ডত এদিনতে এনে বৃহৎ সংখ্যক ষ্টাফ নাৰ্চৰ নিযুক্তিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ দিশত উল্লেখনীয় অৰিহণা আগবঢ়াব৷ তেওঁ কয় যে ৰ লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত ৰাজ্য চৰকাৰে ক্ৰমাগতভাৱে আগবাঢ়িছে৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৬ চনৰ পৰা মাজতে এটা বছৰ বাদ দি তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মুখ্যমন্ত্ৰী হিচাপেও তেওঁ স্বাস্থ্য বিভাগটোৰ কাম-কাজত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে৷ তেওঁৰ কাৰ্যকালত প্ৰায় চ্ছশগৰাকী ছোৱালীয়ে জি এন এম নাৰ্ছত নিযুক্তি লাভ কৰিছিল৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হোৱাৰ পাছত প্ৰায় ১৫ হাজাৰ ছোৱালীয়ে চাকৰি পাইছে৷ প্ৰতিগৰাকী জি এন এম চৰকাৰী, এন এইচ এম অথবা ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত নাৰ্ছিঙৰ চাকৰি পাইছে৷ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে ইংৰাজী ভাষা আৰু ব্যৱহাৰিক কম্পিউটাৰত দক্ষ কৰি তোলাৰ লক্ষ্যৰে পাঠ্যক্ৰমৰ উন্নীত কৰি জি এন এম সকলৰ চফ্‌ট স্কীল বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা ছিংগাপুৰ, জাপান আদি দেশলৈ যাতে আমাৰ দক্ষতা সম্পন্ন জি এন এম সকল যাব পাৰে৷ এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বছৰি দুই-তিনি হাজাৰ ছোৱালীৰ বাবে বিশ্বৰ বিভিন্ন দেশত সম্ভাৱনীয়তাৰ দুৱাৰ খোল খাব বুলিও তেওঁ কয়৷

তেওঁ কয় যে আত্মা চিৰন্তন, আত্মাৰ লগতে ভগৱানৰ সম্পৰ্ক৷ চাবোনেৰে যেনেকৈ কাপোৰ পৰিষ্কাৰ কৰে, তেনেকৈ পৱিত্ৰ কামে আত্মাক পৰিষ্কাৰ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিযুক্তিপ্ৰাপ্ত ষ্টাফ নাৰ্ছ সকলক মাৰ্জিত ব্যৱহাৰ আৰু কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ আহ৩ান জনায়৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা সম্পন্ন হোৱাৰ কথা দোহাৰি কিছুদিন পিছতে তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে আৰু এটা পৰীক্ষা অনুষ্ঠিত হ’ব বুলি তেওঁ কয়৷ স্বাস্থ্য বিভাগতো আৰু প্ৰায় ১২ হাজাৰ নিযুক্তি হ’ব বুলি তেওঁ জানিব দিয়ে৷

মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৮৮ চনৰ পৰা অসমত শান্তিৰ পৰিৱেশ বাধাগ্ৰস্ত হৈছিল৷ আলফা আৰু বড়ো বিদ্ৰোহী সকলৰ লগতে প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে একাংশই সশস্ত্ৰ পন্থা গ্ৰহণ কৰিছিল৷ তেওঁ কয় যে উগ্ৰপন্থীৰ বলি হোৱা অসম আৰক্ষীৰ প্ৰায় চাৰিশতকৈ অধিক পৰিয়ালে বিভিন্ন কাৰণত ন্যায় পোৱা নাছিল, কিন্তু অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া ৬ গৰাকী আৰক্ষী জোৱানৰ পৰিয়ালৰ সদস্যক বৰ্তমানৰ ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰত নিযুক্তি প্ৰদান কৰে৷ চৰকাৰী মেৰপেচ খুলি যোৱা কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ এনে ৪২২ টা পৰিয়ালৰ ৭২ গৰাকীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে আন সকলকো শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ গৃহ বিভাগক নিৰ্দেশ দিয়ে৷

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অৱিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড॰ লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্ছ পদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য লোক উপস্থিত থাকে৷

You might also like