নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“চন্দ্ৰ-সূৰ্য থকালৈকে শ্ৰীকৃষ্ণ ভক্তি ভাৰতবৰ্ষত চলি থাকিব”- ডঃ শৰ্মা

পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন মন্ত্ৰী ডঃ শৰ্মাৰ

মিৰ্জা, ১৩ নৱেম্বৰঃ পলাশবাৰী ৰাস মহোৎসৱ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে ভাৰত বৰ্ষত চন্দ্ৰ-সূৰ্য থকালৈকে শ্ৰীকৃষ্ণ ভক্তি চলি থাকিব বুলি মন্তব্য কৰে । ইপিনে সভাত উপস্থিত থকা সকলোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে । উল্লেখ্য যে এই ৰাস মহোৎসৱত ৰামায়ণ, মহাভাৰত, পুৰাণ আদি শাস্ত্ৰৰ আধাৰত প্ৰায় ডেৰশতকৈও অধিক মৃণ্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে । দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ বাবে আনন্দ মেলা, সাংস্কৃতিক সন্ধিয়া, নাম-প্ৰসংগৰ লগতে লোক-সংস্কৃতি উৎসৱ, ধৰ্মালোচনা সভা, স্বাস্থ্য সজাগতা সভা, যাত্ৰাভিনয়, বিশেষভাৱে সক্ষম শিল্পীৰ অনুষ্ঠান আদি আয়োজন কৰা হৈছে ।

পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন মন্ত্ৰী ডঃ শৰ্মাৰ
You might also like