নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্ণাটকৰ অযোগ্য বিধায়কক সৰ্বোচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ

অৰ্ৱতীৰ্ণ হ'ব পাৰিব ডিচেম্বৰৰ উপনিৰ্বাচনত

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ অযোগ্য বিধায়ক সকলক সকাহ প্ৰদান কৰিছে। ন্যায়ালয়ে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষই বিধায়ক কেইজনক অযোগ্য ঘোষণা কৰা সিদ্ধান্তক বাহাল ৰাখিছে, যদিও বিধায়ক কেইজনে বিধানসভাৰ উপনিৰ্বাচনত অৰ্ৱতীৰ্ণ হ’ব পাৰিব।

উল্লেখ্য যে কৰ্ণাটকত অহা ৫ ডিচেম্বৰত ১৫ টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ’ব। যাৰ পৰিপেক্ষিতত এতিয়া অযোগ্য বুলি ঘোষিত হোৱা বিধায়ক কেইজনে উপনিৰ্বাচনত অংশ গ্ৰহণ কৰিব পাৰিব।

You might also like