নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ বাগিচালৈ বাছ আগবঢ়ালে নীপকোৱে

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম নীপকোৱে চাহ বাগিচালৈ আগবঢ়ালে বাছ।  লখিমপুৰ জিলা প্ৰশাসনৰ জৰিয়তে হস্তান্তৰ কৰে বাছখন।

মঙলবাৰে লখিমপুৰৰ আৱৰ্ত ভৱনৰ চৌহদত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱনে নীপকোৰ পৰা গ্ৰহণ কৰি জিলাখনৰ জহিং কয়লামাৰী বাগিচাৰ কৰ্তৃপক্ষক অৰ্পণ কৰে বাছখন। অনুষ্ঠানটোত বিধায়ক মানৱ ডেকা সহ নীপকো আৰু বাগিচা কৰ্তৃপক্ষই অংশ লয়।

ছাত্র-ছাত্রীক বিদ্যালয়লৈ অনা নিয়া কৰাৰ বাবে বাছখন ব্যৱহাৰ হ’ব। বিগত সময়ত চাহ জনজাতি ছাত্র সন্হা-আটচাই জিলা প্ৰশাসনক বাগিচাৰ ছাত্র-ছাত্রীৰ বাবে বাছ দিবলৈ আবেদন জনাইছিল। আটচাৰ এনে আবেদনৰ পৰিপ্ৰেক্ষিতত উপায়ুক্তই নীপকোৰে যোগাযোগ কৰিছিল আৰু আজি নীপকোৱে প্ৰশাসনৰ জৰিয়তে বাছখন বাগিচালৈ হস্তান্তৰ কৰে। জিলাখনৰ অন্য বাগিচা কেইখনতো এনেদৰে বাছ আগবঢ়াবৰ বাবে উপায়ুক্তই আহ্বান জনায়।

Input: জীৱন গোস্বামী, লখিমপুৰ

You might also like