নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুস্তাক আলী টি–২০: অসম দলৰ নেতৃত্বত ৰিয়ান পৰাগ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দেশৰ আগশাৰীৰ ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা চৈয়দ মুস্তাক আলী ট্রফীলৈ অসম দলটো ঘোষণা কৰা হৈছে৷ অসম ক্রিকেট সন্থাই আজি ঘোষণা কৰা দলটোৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে ৰাজস্থান ৰয়েলছৰ তাৰকা ৰিয়ান পৰাগে৷ দলটো হ’ল– ৰিয়ান পৰাগ অধিনায়ক, পল্লৱ কুমাৰ দাস, ঋষভ দাস, ডেনিছ দাস, অমিত সিন্হা, চাহিল জৈন, আকাশ সেনগুপ্তা, ৰাজাকুদ্দিন আহমেদ, ৰাহুল সিং, ৰোশন আলম, অম্লানজ্যোতি দাস, জিতুমণি কলিতা, কুণাল শইকীয়া, অভিষেক ঠাকুৰী, মুখতাৰ হুছেইন, প্রীতম দাস আৰু ধৰণী ৰাভা৷ ষ্টেণ্ডবাই খেলুৱৈ হিচাপে আছে শুভম মণ্ডল, নিবিড় ডেকা, ডেনিছ আহমেদ, মৃণ্ময় দত্ত, নাছিৰ উল্লাহ, নিপন ডেকা আৰু অভিলাষ গগৈ৷ দলটোৰ মুখ্য প্রশিক্ষক অজয় ৰাট্রা৷ একেদৰে প্রশিক্ষকৰ দায়িত্বত আছে ষ্টুৱার্ট বিন্নী আৰু সলিল সিন্হা৷

You might also like