নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটকৰ স্বাস্থ্যমন্ত্রীৰ মন্তব্যক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ কর্ণাটকৰ স্বাস্থ্যমন্ত্রী ড০ কে সুধাকৰে আধুনিক ভাৰতীয় মহিলাসকলে সন্তান জন্ম দিব নিবিচাৰে বুলি কৰা মন্তব্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মন্ত্রীগৰাকীয়ে দেওবাৰে ৱর্ল্ড মেণ্টেল হেল্থ ডে’ উপলক্ষে এক কার্যসূচীত অংশগ্রহণ কৰি এই বুলিও মন্তব্য কৰিছিল যে আজি মহিলাসকলে অকলশৰে জীৱন অতিবাহিত কৰি ভাল পায়৷ সন্তান জন্মৰ বাবে ছেৰোগেছী বা ভাৰাতীয়া মাতৃত্বক আজি মহিলাই গুৰুত্ব দিয়ে বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছিল৷

You might also like